তেজপুৰ, ২৯ জুলাই : পৰ্যাপ্ত পানীৰ অভাৱ হোৱা বাবে শালিধানৰ খেতি কৰাত শোণিতপুৰৰ কৃষকসকলে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । জুন মাহৰ তুলনাত জুলাই মাহত শোণিতপুৰ জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে কম হৈছে । আনহাতে, কোনো কোনো ঠাইত বৃষ্টিপাত সঘনাই হৈ থকা বাবে পানীৰ অভাৱ হোৱা নাই যদিও কেইবাটাও অঞ্চলত বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে । ফলস্বৰূপে উক্ত অঞ্চলবোৰত কৃষকে নলা-নৰ্দমাৰ পানী খেতি পথাৰলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰি খেতি কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিছে জিলা কৃষি বিষয়া প্ৰকাশ চন্দ্ৰ বৰাই ।
বন ধ্বংস আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে ৷ ফলত বৰষুণৰ পৰিমাণ ঠায়ে ঠায়ে কম আৰু কোনো ঠাইত অধিক হোৱা দেখিবলৈ পোৱা গৈছে । জিলাখনৰ চাৰিদুৱাৰৰ ন-পাম অঞ্চলত আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত বৰষুণ হৈ আছে ৷ অৰ্থাৎ সেই অঞ্চলত গছ-গছনি বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা নাই ।
শোণিতপুৰ চলিত বৰ্ষৰ জুন মাহত বৰষুণৰ পৰিমাণ আছিল ৫৯৩.৪ মিলিমিটাৰ আৰু জুলাই মাহত আছিল ৬১৩ মিলিমিটাৰ । ২০২০ চনৰ জুন মাহত জিলাখনত বৰষুণৰ পৰিমাণ আছিল ৯৮৭.৯ মিলিমিটাৰ আৰু জুলাই মাহত ১১৬৪.৫ মিলিমিটাৰ । সমান্তৰালভাৱে অসমত ২০২০ চনৰ জুন মাহত বৰষুণৰ পৰিমাণ আছিল ২১৪৭.৫ মিলিমিটাৰ আৰু জুলাই মাহত ১৭৭৩.৭ মিলিমিটাৰ ।
তাৰ বিপৰীতে চলিত বৰ্ষৰ জুন মাহত বৰষুণৰ পৰিমাণ ৭৪১.৪ মিলিমিটাৰ আছিল আৰু জুলাই মাহৰ ২৬ তাৰিখ পৰ্যন্ত অসমত বৰষুণৰ পৰিমাণ আছিল ৯৭৫.৩ মিলিমিটাৰ । শোণিতপুৰ জিলাৰ মুঠ কৃষিভূমি ৭৮,৩১২ হেক্টৰ । কিন্তু ২৪,১৪৭ হেক্টৰ ভূমিহে জলসিঞ্চনৰ আঁচনিৰ অধীনত সামৰি লোৱা হৈছে, যি মুঠ কৃষি ভূমিৰ ৩০ শতাংশহে মাত্ৰ । প্ৰকাশ চন্দ্ৰ বৰাই কয় যে, ১৫ আগষ্টৰ ভিতৰত বৰষুণৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: হস্তী-মানৱ সংঘাত ৰোধৰ আশ্বাস নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ