ETV Bharat / state

লখিমপুৰ আৰু তেজপুৰত অবৈধ অৰুণাচলী সুৰা জব্দ

তেজপুৰ আবকাৰী বিভাগে অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰা ৪৫ কাৰ্টন বিয়েৰ জব্দ কৰিবলৈ সক্ষম হয় । লখিমপুৰ জিলাতো জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলৰ সুৰা ।

author img

By

Published : Aug 7, 2021, 9:04 PM IST

liquor seized
লখিমপুৰ আৰু তেজপুৰত অবৈধ অৰুণাচলী সুৰা জব্দ

তেজপুৰ, ৭ আগষ্ট : আবকাৰী বিভাগৰ বৃহৎ সফলতা । শোণিতপুৰ জিলাত আবকাৰী বিভাগৰ অভিযানত পুনৰ জব্দ হ'ল বৃহৎ পৰিমাণৰ অৰুণাচলৰ সুৰা । শনিবাৰে আবকাৰী বিভাগে অভিযান চলাই অৰুণাচলৰ পৰা সৰবৰাহ কৰা সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

তেজপুৰ আবকাৰী বিভাগে অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰা ৪৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে জম্মু-কাশ্মীৰ অভিমুখে যাত্ৰা কৰা ট্ৰাক এখনৰ গোপন চেম্বাৰত অনা হৈছিল এই সুৰা খিনি । এই সুৰাখিনিৰ মূল্য ১ লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে অৱকাৰী বিভাগে ।

আনহাতে, লখিমপুৰ জিলাতো জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলৰ সুৰা । অৰুণাচল প্ৰদেশৰ পৰা গোপনে কৰ ফাঁকি দি সৰবৰাহ কৰা সুৰা খিনি বান্দৰদেৱাত জব্দ কৰে আবকাৰী বিভাগে ।

জব্দ কৰা প্ৰায় ৮৫০ কাৰ্টন বিলাতী সুৰাৰ মূল্য প্ৰায় ১২ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিগত বহু দিন ধৰি অৰুনাচলী সুৰাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে লখিমপুৰ আবকাৰী বিভাগে অভিযান অব্যাহত ৰাখিছে । আনহাতে এই ধৰণৰ অভিযান আগলৈও চলি থাকিব বুলি জানিবলৈ দিয়ে লখিমপুৰ আবকাৰী বিভাগে ।

লগতে পঢ়ক:ড্ৰাগছ মাফিয়াৰ টোপনিৰ কাঢ়িছে নামৰূপৰ এগৰাকী আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.