ETV Bharat / state

তেজপুৰত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক - আই পি এছ মুগ্ধ জ্যোতি মহন্ত

শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ নেতৃত্বত চলা এই অভিযানত মুঠ ৩১ খন ট্ৰাক জব্দ কৰি অভিযান চলোৱা হয় ৷ অভিযান কালত ৫খন ট্ৰাকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ৷ প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত এই ৫ খন ট্ৰাকৰ ক’ল ইণ্ডিয়া লিমিটেডৰ পৰা কোনোধৰণৰ অনুমতি নথকা বুলি প্ৰমাণিত হৈছে ৷

ILLEGAL COAL TRUCK SIZED AT TEZPUR
তেজপুৰত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক
author img

By

Published : Mar 4, 2020, 7:23 PM IST

তেজপুৰ, ৪ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ একাংশ আৰক্ষী থানাক মেনেজ কৰি কয়লাৰ ব্যৱসায়ীয়ে চলাই আছে এই বেহা ৷ মাৰ্ঘেৰিটাৰ পৰা কঢ়িয়াই অনা অবৈধ কয়লাৰ ৫ খন ট্ৰাকৰ লগতে আন ২৬ খন ট্ৰাকো জব্দ কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷

ILLEGAL COAL TRUCK SIZED AT TEZPUR
তেজপুৰত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক
শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ নেতৃত্বত চলা এই অভিযানত মুঠ ৩১ খন ট্ৰাক জব্দ কৰি অভিযান চলোৱা হয় ৷ জব্দকৃত ট্ৰাকৰ ভিতৰত ঠেলামৰাত জব্দ কৰা হৈছে RJ 02GB 4892, UP 63T 9470 নম্বৰৰ দুখন ট্ৰাক ৷ লগতে HR 63C 8453, HR 46D 8059 আৰু RJ O2GB 3664 নম্বৰৰ ট্ৰাক কেইখনৰ কয়লা সম্পৰ্কীয় বৈধ নথিপত্ৰ নথকাত বৰঘাট আৰক্ষীৰ অভিযানকাৰী দলে জব্দ কৰিছে ৷ অভিযান কালত ৫খন ট্ৰাকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ৷ প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত এই ৫ খন ট্ৰাকৰ ক’ল ইণ্ডিয়া লিমিটেডৰ পৰা কোনোধৰণৰ অনুমতি নথকা বুলি প্ৰমাণিত হৈছে ৷
তেজপুৰত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক

আনহাতে অনুমতি থকাতকৈ অত্যাধিক পৰিমাণৰ কয়লা কঢ়িয়াই আনিছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে জালিয়াতি, চুৰি আৰু সামূহিক গোচৰ ৰুজু কৰিছে ৷ তেজপুৰ সদৰ থানাত 420/379/34 IPC ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্যে ঘটনাত জৰিত ৫ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোক ক্ৰমে, ৰাজস্থানৰ মনছেদ খান, উত্তৰ প্ৰদেশ মিৰ্জাপুৰৰ জুলফিকৰ আনছাৰী, আগ্ৰাৰ মহৰুদ্দিন, মিৰ্জাপুৰৰ ৰাজেন যাদব আৰু আগ্ৰাৰ সুখবীৰ সিং ৷ অন্যহাতে ক’ল ইণ্ডিয়া লিমিটেডৰ নথি পত্ৰ নোহোৱা বিষয়টো ট্ৰাকৰ চালক সকলেও স্বীকাৰ কৰিছে ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.