ETV Bharat / state

ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰ পাটনায়কৰ উত্তৰ-পূৱৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

তিনিদিনীয়া উত্তৰ-পূৱ ভ্ৰমণসূচী সামৰি উভতিল ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰ ডি কে পাটনায়ক(IAF Eastern command in chief) । উত্তৰ-পূৰ্বাঞ্চলৰ সাতটাকৈ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰি বায়ুসেনাৰ শ্বহীদৰ পৰিয়ালৰ সৈতেও মিলিত হ'ল আলোচনাত ।

author img

By

Published : Sep 16, 2022, 9:41 PM IST

iaf eastern commander visit north east
ইষ্টাৰ্ণ কামাণ্ডৰ পাটনাইকৰ উত্তৰ-পূৱৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

তেজপুৰ,১৬ ছেপ্টেম্বৰ: তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত উপস্থিত ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰ ডি কে পাটনায়ক(IAF Eastern command in chief) । পৰিদৰ্শন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ বায়ুসেনাৰ ঘাটি । বায়ুসেনাৰ শ্বহীদৰ পৰিয়ালৰ সৈতেও বাৰ্তালাপ কৰে এয়াৰ মাৰ্চেল ডি কে পাটনায়কে(Interaction with families of IAF martyrs) ।

যোৱা ১৪ ছেপ্টেম্বৰ পৰা ১৬ ছেপ্টেম্বৰলৈকে তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ কুম্ভীৰগ্ৰাম, মোহনবাৰী, ডিনজান, চাবুৱা, যোৰহাট আৰু তেজপুৰ লগতে পূৰ্ণিয়া আৰু বাগদোগ্ৰা বিমান ঘাটি পৰিদৰ্শন কৰে এয়াৰ অফিচাৰ ইন চিফ ডি কে পাটনায়কে । বিমান ঘাটি সমূহ পৰিদৰ্শন কৰি তাৰ আন্তঃগাঠনিৰ বুজ লয় পাটনায়কে(IAF Eastern command in chief DK Patnayak in Assam) ।

এই বিমান ঘাটিসমূহ বায়ুসেনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ঘাটি বুলি উল্লেখ কৰে পাটনায়কে । বিশেষকৈ তেজপুৰ আৰু মোহনবাৰীৰ অত্যাধুনিক যুঁজাৰু বিমান চুখয়ৰ প্ৰধান ঘাটি বুলি উল্লেখ কৰে ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰগৰাকীয়ে । এই বিমান ঘাটি কেইটাত নতুন সংযোজন ঘটোৱাৰ পাছতে ঘাটি কেইটা শক্তিশালী কৰিবলৈ বায়ুসেনাৰ শীৰ্ষ মহলে যুদ্ধকালীন প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে ।

সাতটাকৈ বিমান ঘাটি পৰিদৰ্শন কৰাৰ লগতে উত্তৰ-পূৱ পৰিদৰ্শন কালত বায়ুসেনাৰ শ্বহীদৰ পৰিয়ালৰ সৈতেও ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰ ডি কে পাটনায়ক আলোচনাত মিলিত হয় বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ শ্ৰীপ্ৰকাশে ।

সমূহ কাৰ্যসূচী সামৰি শুকুৰবাৰে এয়াৰ মাৰ্চেল ডি কে পাটনায়ক উভতি যায় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.