তেজপুৰ, ৩ জানুৱাৰী : তেজপুৰত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Suicide case in Tezpur) ৷ আমি সচৰাচৰ স্বামীয়ে পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ ঘটনা শুনিছো কিন্তু এইবাৰ পত্নীয়ে স্বামীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ খবৰ পোহৰলৈ আহিছে (Husband suicide for Allegedly wife conspiracy)৷
মঙলবাৰে পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ তেজপুৰৰ নাৰায়ণ চৰকাৰ নামৰ এজন লোকে আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি নাটকীয়ভাৱে তেজপুৰ গাৰোৱানপত্তি নিবাসী নাৰায়ণ চৰকাৰৰ পত্নী অনিতা দাস চৰকাৰে তেজপুৰ আৰক্ষীৰ ওচৰত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ নাৰায়ণে প্ৰায়েই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল পত্নীয়ে ৷
ইয়াৰ পিচতে আৰক্ষীয়ে পত্নীৰ অভিযোগৰ ভিত্তিত মুঢ়াতেতেলীৰ গেৰেজৰ পৰা নাৰায়ণক উঠাই নি মাৰপিট আৰম্ভ কৰে ৷ আনকি ওৰে নিশা নাৰায়ণক আৰক্ষীয়ে মাৰপিট কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল ৷ আৰক্ষীয়ে এৰি দিয়াৰ পিছত নাৰায়ণে পত্নীক ফোনযোগে সকলো কথা অৱগত কৰি কয় যে তেওঁ অপমানিত হৈছে, সেইবাবেই তেওঁ আত্মহত্যা কৰিব ৷
লগতে পঢ়ক: IndiGo flight technical glitch: কাৰিকৰী বিজুতিৰ বাবে ফুকেট অভিমুখী ইণ্ডিগ’ বিমান দিল্লীত অৱতৰণ
ইয়াৰ পিছতেই সোমবাৰে নিশা প্ৰায় ১২ বজাত নাৰায়ণৰ শাহুৱেক আৰু পত্নীৰ পৰিয়ালৰ লোকে নাৰায়ণৰ ঘৰলৈ আহি আত্মহত্যা কৰিবলৈ ওলোৱাৰ কথা কয় ৷ পত্নীৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি নাৰায়ণে মৃত্যুৰ পূৰ্বে পত্নীক ভিডিঅ’ কল কৰি আত্মহত্যা কৰিম বুলি ভাবুকি দিছিল ৷
এই কথা শুনিয়েই লগে লগে নাৰায়ণৰ পৰিয়ালৰ লোকে কোঠাৰ দুৱাৰ খুলি দেখে যে চিপ লোৱাৰ অৱস্থাত ওলমি আছে নাৰায়ণ ৷ লগে লগে নাৰায়ণৰ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাৰ খবৰ পায়েই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিশা 2 বজাত নাৰায়ণৰ মৃতদেহটো নমাই মৰ্গত ৰখাৰ ব্যৱস্থা কৰে ৷ ইফালে নাৰায়ণৰ পৰিয়ালৰ লোকে মৃতদেহটো নিবলৈ নিদিয়াত আৰক্ষীয়ে তেওঁলোকক মাৰধৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷
নাৰায়ণৰ পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি আৰক্ষীৰ দোষ ঢাকিবলৈ দণ্ডাধীশ অবিহনে ততাতৈয়াকৈ আৰক্ষীয়ে মৃতদেহটো লৈ যায় ৷ আৰক্ষীৰ বৰ্বৰতা আৰু পত্নীৰ ষড়যন্ত্ৰৰ বাবেই নাৰায়ণে এই চৰম সিদ্ধান্ত ল’বলগীয়া হ’ল বুলি পৰিয়ালৰ লোকে দোষাৰোপ কৰে ৷
লগতে পঢ়ক: Abuse Teenage girl in Guwahati: হাতীগাঁৱত বনকৰা কিশোৰীৰ ওপৰত নিৰ্যাতন