ETV Bharat / state

Sexual harassment in Manipur: মণিপুৰকাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিব মানৱ অধিকাৰ ফেডাৰেচনে

author img

By

Published : Jul 22, 2023, 6:56 PM IST

মণিপুৰৰ কাণ্ড সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচনৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ । শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ত হোৱা এক আলোচনা চক্ৰত এই সিদ্ধান্ত গ্ৰহণৰ বিষয়ে সদৰী কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচনে ।

Protest against Manipur violence
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন

তেজপুৰ, ২২ জুলাই: মণিপুৰৰ দুগৰাকী কুকি মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ চাঞ্চল্যকৰ ভিডিঅ’ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিয়ে ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শোণিতপুৰ জিলাৰ আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এই পত্ৰ প্ৰেৰণ কৰিব । আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিয়ে শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ত হোৱা এক আলোচনা চক্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰে ।

সমগ্ৰ দেশৰ লগতে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা এই নাৰকীয় ঘটনাৰ ভিডিঅ’ দুইমাহ পিচত উদ্দেশ্য প্ৰণোদিতভাৱে সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিচত সমগ্ৰ মানৱ সমাজক লজ্জিত কৰাৰ সময়তে মানৱ অধিকাৰ মহিলা সংগঠনে মণিপুৰৰ প্ৰশাসনিক দিশটো উদঙাই দেখুৱাইছে বুলি মন্তব্য কৰে ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সঞ্চালক ড৹ বৰ্ণালী শৰ্মাই ।

তেওঁ কয় যে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মণিপুৰৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । বিশেষকৈ ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী এন বীৰেণ সিঙকো জগৰীয়া কৰিছে । তেওঁ ৰাজ্যখনৰ হিংসাত্মক ঘটনাৰ আৰম্ভণিতে হোৱা এই নিৰ্লজ্জ কাণ্ডৰ বিষয়ে চৰকাৰে জ্ঞাত আছিল যাৰ ফলত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক তাৎক্ষণিকভাৱে বদলি কৰিছিল । দুই পক্ষৰ হিংসাৰ বলি দুগৰাকী মহিলাই নহয় আৰু বহুকেইটা এনে ঘটনা সংঘটিত হৈছিল যাৰ তথ্য প্ৰশাসনিক বিষয়া বা চৰকাৰে ইচ্ছাকৃতভাৱে গাপ দি আছিল বুলি অভিযোগ উত্থাপন কৰে ।

এই ঘটনাক তেজপুৰৰ মহিলা সমিতি আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচনে তীব্ৰ নিন্দা কৰাৰ লগতে ৰাজ্যিক মহিলা আয়োগৰ মৌনতাক প্ৰশ্ন উত্থাপন কৰিছে । লগতে চৰকাৰৰ এই চৰম ব্যৰ্থতাৰ ফলত উচ্চতম ন্যায়ালয়ে নিজাববীয়া গোচৰ ল'বলগীয়া হৈছে বুলি মন্তব্য কৰে । ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সঞ্চালক ড৹ বৰ্ণালী শৰ্মাই পুনৰ কয় যে অকল দোষীক শাস্তি প্ৰদান কৰাই নহয়, প্ৰশাসন যন্ত্ৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীও সমানে জগৰীয়া।

লগতে পঢ়ক:AJP Protest in Dibrugarh: মণিপুৰৰ জঘন্য ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত মুখত ক'লা কাপোৰ বান্ধি অজাপৰ মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.