ETV Bharat / state

ভাৰত-চীন সীমান্তৰ হলী জলপ্ৰপাত পৰ্যটকৰ বাবে মুকলি

author img

By

Published : May 11, 2022, 10:02 PM IST

ভাৰতীয় সেনাৰ দখলত চীন সীমান্তৰ হলী জলপ্ৰপাত ৷ দেশৰ প্ৰতিৰক্ষা বিভাগে মুকলি কৰিলে ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ "হলী জলপ্ৰপাত"(Holy waterfall) ৰ পৰ্যটন স্থলী । পূৰ্বতে চীনৰ দখলত আছিল ১০৮টা সংগমস্থলৰ এই হলী জলপ্ৰপাত ।

Holy waterfall open for tourists in Indo-China border
ভাৰত-চীন সীমান্তৰ হলী জলপ্ৰপাত পৰ্যটকৰ বাবে মুকলি

তেজপুৰ, 11 মে' : অৱশেষত দেশৰ প্ৰতিৰক্ষা বিভাগে মুকলি কৰিলে ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ "হলী জলপ্ৰপাত"(Holy waterfall) ৰ পৰ্যটন স্থলী । বিগত বছৰ বছৰ ধৰি এই অঞ্চলটো স্পৰ্শকাতৰ অঞ্চল হিচাবে বিবেচিত হৈ আহিছিল (Holy waterfall open for tourists in Indo-China border) ৷ কাৰণ পূৰ্বতে ভাৰত-চীন সীমান্তৰ এই অঞ্চলত প্ৰায়ে ভাৰতীয় আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ চলিছিল । পূৰ্বতে চীনৰ দখলত আছিল ১০৮টা সংগমস্থলৰ এই হলী জলপ্ৰপাত ।

অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰৰ ভাৰত-চীন সীমান্তত দেবাদিদেৱ মহাদেৱৰ ১০৮ টা নামেৰে জড়িত এই জলপ্ৰপাত অৱস্থিত । এই পবিত্ৰ জলপ্ৰপাত আগ্ৰাসী চীনৰ দখলৰ পৰা সম্প্ৰতি মুক্ত কৰিছে ভাৰতীয় সেনাই । এতিয়া ভাৰতীয় সেনাৰ দখলত এই পৱিত্ৰ স্থান । এই ৰহস্য ফাদিল কৰিছে ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ তেজপুৰস্থ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল অমৰিন্দৰ সিং ওৱালিয়াই ।

টেচু (Tsechu) গাঁৱৰ সীমান্তত অৱস্থিত এই জলপ্ৰপাত সাগৰ পৃষ্ঠৰ পৰা ১১,০০০ ফুট উচ্চতাত অৱস্থিত আৰু টাৱাং জিলাৰ পৰা ১১০ কিলোমিটাৰ পূবে অৱস্থিত । মনপা ভাষাত টেচু শব্দৰ অৰ্থ হৈছে গৰম ৷ এই জলপ্ৰপাত মেক মোহন লাইনৰ পৰা অৰ্থাৎ LAC ৰ পৰা মাত্ৰ 250 মিটাৰ নিলগৰ Yangtse নামৰ সীমান্তত অৱস্থিত । এই অঞ্চল এতিয়া সম্পূৰ্ণ সুৰক্ষিত ৷ কাৰণ অৰুণাচলৰ ভাৰত চীন সীমান্তত চীনৰ অবৈধ অনুপ্ৰবেশ ইতিমধ্যে বন্ধ কৰা হৈছে । বিগত অক্টোবৰ মাহত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই ঠাই পৰিদৰ্শন কৰিছিল ৷ উল্লেখ্য যে জিলা সদৰৰ পৰা ১১০ কিলোমিটাৰ যোৱাৰ পিছত প্ৰায় 30 মিনিট সময় খোজকাঢ়ি যাব লাগে এই স্থানলৈ । মুখপাত্ৰ ৱালিয়াই আৰু কয় যে বৰ্তমান চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ত বিশ্বাসঘাতক চীনৰ ওপৰত তীক্ষ্ম নজৰ ৰখা হৈছে আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰতীয় স্থল আৰু বায়ু সেনা সক্ষম ৷

লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.