ETV Bharat / state

এম জি ভি কে ভানুৰ সমৰ্থনত কংগ্ৰেছী নেতা হিৰণ্য বৰা

author img

By

Published : Apr 5, 2019, 4:08 PM IST

ভানুক তাচ্ছিল্য কৰা বিজেপি দলক ধিক্কাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ

হিৰণ্য বৰা

ৰঙাপৰা, 5 এপ্ৰিলঃ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৰ হকে আগবাঢ়ি আহিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা ৷ ভানুক বহিৰাগত বুলি বিজেপিয়ে কৰা সমালোচনাক ধিক্কাৰ দিয়ে হিৰণ্য বৰাই ৷

হিৰণ্য বৰা

দলীয় নীতি-আদৰ্শ পৰিহাৰ কৰি এম জি ভি কে ভানুক লৈ কৰা অপমানসূচক মন্তব্যক গণতন্ত্ৰৰ বাবে দূৰ্ভাগ্যজনক আখ্যা দিয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷ বিজেপি দলে সম্প্ৰতি জোৰ জুলুম নীতি লৈ চলা কাৰ্যই ভৱিষ্যৎ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলিও শংকিত হৈ পৰে কংগ্ৰেছী নেতাগৰাকী ৷ হিৰণ্য বৰাই সদৰী কৰে যে, ভানুৰ দৰে এগৰাকী দক্ষ প্ৰাক্তন বিষয়াক ন্যূনতম সন্মান নজনাই ব্যক্তিগত আক্ৰমণ কৰি তুচ্ছ তাচ্ছিল্য কৰাটো অত্যন্তই দুৰ্ভাগ্যজনক। ঢেকিয়াজুলিৰ মিছামাৰী অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থী এম জি কে ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰাই ৷

Intro:কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক তুচ্ছ তাচ্ছিল্য কৰাত ক্ষুব্ধ একালৰ জেষ্ঠ কংগ্ৰেছী হিৰণ্য বৰাঃ ব্যক্তিগত আক্ৰমণ গণতন্ত্ৰৰ বাবে সুস্থ নহয়।Body:ৰঙাপৰাঃ ঢেকিয়াজুলি সমষ্টিৰ মিছামাৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি জেষ্ঠ কংগ্ৰেছ নেতা হিৰন্য বৰাই বিজেপি দলক চোকা সমালোচনা কৰি সাংবাদিকৰ আগত কয় যে পৰিবৰ্তনৰ নামত মোডী আৰু বিজেপি দলে যথেষ্ট কথা কৈছিল কিন্তু যিটো দেখিছো ২০১৪ পৰিবৰ্তনৰ যিটো ঢৌ নিৰ্বাচনৰ সময়ত আছিল সেয়া কামৰ ক্ষেত্ৰত দেখা নগল৷ উন্নয়ণৰ কথা বিজেপি কৈছে কিন্তু বগীবিল দলং, ধলা শদিয়া দলং আৰু শৰাইঘটৰ দ্বিতীয়খন দলং কংগ্ৰেছৰ দিনৰ কাম আছিল বুলি প্ৰকাশ কৰি চোকা ভাষাৰে সমালোচনা কৰে বিজেপি দলক৷ জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰন্য বৰাই সাংবাদিকৰ আগত কয় যে এতিয়া বিজেপি দলে নীতি আদৰ্শ বাদ দি ব্যক্তিগত যি আক্ৰমন হৈছে সেইটো গণতন্ত্ৰৰ বাবে দূৰ্ভাগ্যজনক বিষয়৷ বিজেপি দলে সম্প্ৰতি জোৰ জুলুম নীতি লৈ চলাটো ভৱিষ্যৎ প্ৰজন্মক বেয়া শিক্ষা দিছে৷ ৰাজনীতিত আজি বয়সস্থ সকলক সন্মান নজোৱা হৈছে। এই দিশ বিলাকে ভৱিষ্যৎৰ কাৰণে বেয়া দিশলৈ গতি কৰিব৷ সচা ৰাজনীতি কৰিলে ভাল মিছা ৰাজনীতি কৰিলে বেছি দিন নাথাকে বুলি মন্তব্য দিয়ে৷ বৰাই লগতে কয় যে ব্যক্তিগত আক্ৰমণ গণতন্ত্ৰৰ বাবে সুস্থ নহয়। ব্যক্তিগত আক্ৰমণে কেতিয়াও সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ বিপৰীতে হিংসাৰ ফালে গতি কৰে। এইটো সমাজৰ বাবে বেয়া আদৰ্শ। নীতিগত ভাৱে হোৱা যুদ্ধত তেখেতে সমৰ্থন কৰিব বুলি সদৰী কৰে। লগতে তেখেতে কয় যে ভানুৰ দৰে এগৰাকী দক্ষ প্ৰাক্তন বিষয়াক নূন্যতম সন্মান নজনাই ব্যক্তিগত আক্ৰমন কৰি তুচ্ছ তাশিল্য কৰাটো দুৰ্ভাগ্যজনক। যিটো দলে দৰিদ্ৰ নিৱনুৱা আৰু কৃষক সকলক সহায় কৰিব পাৰে সেই দল কংগ্ৰেছত মই আছো আৰু থাকিম। অগপৰ প্ৰসংগত এই গৰাকী জেষ্ঠ কংগ্ৰেছীয়ে কয়- অসম গণ পৰিষদ দলটো আঞ্চলিক দল আছিল তেওঁলোক আঞ্চলিক ভাবে জীয়াই থকা হ’লে বেচি মঙ্গল আছিল। ইপিনে আসন্ন লোকসভা নিৰ্বাচন প্ৰসংগত তেওঁ কয়-বিগত বৰ্ষতকৈ এইবাৰ কংগ্ৰেছৰ ফলাফল ভাল হব আৰু এইবাৰ ১০খন আখন লাভ কৰিব বুলি আশাবাদী। উল্লেখ্য যে এই গৰাকী জেষ্ঠ কংগ্ৰেছ নেতাই মিছামাৰী অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থী এম জি কে ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়৷Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.