ETV Bharat / state

আমিৰ খান-জোনমণি বেগমৰ কোলাত শিশু কৃষ্ণ, হামিদা খাতুনৰ গুৰু বন্দনা - যশোদা

সাম্প্ৰদায়িক অসহিষ্ণুতাৰ বিপৰীতে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন বিশ্বনাথত । বিশ্বনাথৰ ৰাস মহোৎসৱত নন্দ-যশোদাৰ ৰূপত মুছলমান শিল্পী ৷

Muslim couple in Raas
আমিৰ খান-জোনমণি বেগমৰ কোলাত শিশু কৃষ্ণ
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:23 PM IST

শ্ৰী কৃষ্ণৰ ৰাসলীলা

তেজপুৰ, ২৮ নৱেম্বৰ : সাম্প্ৰদায়িকতাক প্ৰত্যাহবান জনাই এইবাৰ ৰাজ্যত সমন্বয়ৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছে বিশ্বনাথৰ ৰাস মহোৎসৱে । ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা কেৱল নিদিষ্ট ধৰ্মাৱলম্বী লোকৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ কৃষ্টি সংস্কৃতিৰ এই সাৰ্বজনীন ৰাস ইছলামধৰ্মী অথবা আন ধৰ্মৰ যিকোনো লোকৰ বাবেও উন্মুক্ত । এই কথা প্ৰতিপন্ন হ’ল বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিয়ে আয়োজন কৰা বিশ্বনাথ ৰাস মহোৎসৱত ।

বিশ্বনাথ ৰাস মহোৎসৱ এইবাৰ চৰ্চালৈ আহিছে দুজন ইছলাম ধৰ্মৰ ব্যক্তিৰ বাবে ৷ যি সময়ত দেশত তথা ৰাজ্যত একাংশই সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে হিন্দু-মুছলমানৰ ভেদভাৱ পৰিহাৰ কৰি হিন্দুৰ আৰাধ্য ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাত অভিনয় কৰিছে দুজন ইছলাম ধৰ্মৰ লোকে ৷ তেওঁলোক হ’ল সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমণি বেগম ৷ সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমণি বেগমে বিশ্বনাথ ৰাস মহোৎসৱৰ নন্দোৎসৱ নাটিকাত নন্দ আৰু যশোদাৰ ভাওত অৱতীৰ্ণ হৈছে । সাংবাদিক আমিৰ আৰু পত্নী জোনমণি বেগমৰ এই প্ৰতিভাই বাৰুকৈয়ে চৰ্চা লাভ কৰিছে ।

hindu muslim harmony
শ্ৰী কৃষ্ণৰ ৰাসলীলা

আমিৰ খান আৰু তেওঁৰ পত্নী জোনমণি বেগমে কৰা নন্দ-যশোদাৰ অভিনয়ে প্ৰকৃতাৰ্থত এই কথাই নিৰ্ণয় কৰে যে অসমত একতাৰ এনাজৰীডাল দলিয়াই পেলোৱাটো সহজ নহয় । ইতিমধ্যে ৰসময় হৈ উঠা নন্দোৎসৱৰ নন্দ যশোদাৰ প্ৰাণস্পৰ্শী অভিনয় আৰু কোলাত শিশু কৃষ্ণক তুলি লৈ আমিৰ খান আৰু জোনমণি বেগমৰ নৃত্য-গীতৰ পৰিৱেশে কল্পিত ব্ৰজধামত আনন্দৰ জোৱাৰ তোলে ।

সাতামপুৰুষীয়া সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি সাম্প্ৰদায়িক বিষবাষ্পৰ মাজত আমিৰ-জোনমণিৰ দৰে মানবীয় গুণেৰে পৰিপূৰ্ণ ব্যক্তিৰ লগতে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিয়েও এনে অভূতপূৰ্ব পদক্ষেপৰে সাহসৰ পৰিচয় দিবলৈ সক্ষম হৈছে । কেৱল আমিৰ দম্পতীয়ে নহয়, হামিদা খাতুন নামৰ শিল্পীগৰাকীয়ে গুৰু বন্দনা, কৃষ্ণ বন্দনা অথবা অন্যান্য গীত বিগত ২৫ বছৰ ধৰি বিশ্বনাথ ৰাস মহোৎসৱত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

সমন্বয় কেৱল চৰ্বিত-চৰ্বনৰ বিষয় নহয়, এয়া যে সম্প্ৰীতিৰ পূৰ্ণ নিদৰ্শন, সেয়া প্ৰতিফলিত হৈছে বিশ্বনাথ ৰাস মহোৎসৱত । আনহাতে সোমবাৰে নিশা সামৰণি পৰে এই ৰাস মহোৎসৱৰ । তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে উদ্বোধন কৰা অন্তিম নিশা অনন্ত শয্যা, দৈৱকীৰ বিবাহ, নন্দোৎসৱ, পুতনা বধ, কালিয় দমন নাটিকাৰ লগতে কেলিগোপাল নাট ভাগ অনুষ্ঠিত হয় ।

লগতে পঢ়ক : মোৰ দিনত কোনো ধৰণৰ স্কেম নাই: ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.