ETV Bharat / state

Helicopter Crashed in Arunachal : অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ উদ্ধাৰ অভিযান অব্যাহত

author img

By

Published : Oct 21, 2022, 3:23 PM IST

Updated : Oct 21, 2022, 5:10 PM IST

উজনি চিয়াং জিলাৰ ইয়ংক্ৰিয়ঙৰ ছিনগিং গাঁৱৰ সমীপত ওখ পাহাৰত সীমান্তৰ দিশে উৰামৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । উজনি চিয়াং জিলাৰ সদৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত এই দুৰ্ঘটনাটো সংঘটিত হয় (Helicopter crashed at upper siang Arunachal) ।

Helicopter crashed
Helicopter crashed

তেজপুৰ, ২১ অক্টোবৰ : আজি অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় (Army Helicopter crashed in Arunachal) । দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ Advance light Helicopter খন (ALH) আজি পুৱা লিকাবালিৰ পৰা উৰা মৰাৰ পিছত পুৱা ১০.৪৩ দুৰ্ঘটনাত পতিত হয় ।

এই তথ্য সদৰী কৰিছে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই (Lt Cornel AS Walia) । উজনি চিয়াং জিলাৰ ইয়ংক্ৰিয়ঙৰ ছিনগিং গাঁৱৰ সমীপত ওখ পাহাৰত সীমান্তৰ দিশে উৰামৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । উজনি চিয়াং জিলাৰ সদৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত এই দুৰ্ঘটনাটো সংঘটিত হয় (Army Helicopter crashed at upper siang Arunachal) ।

Helicopter Crashed in Arunachal : অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ উদ্ধাৰ অভিযান অব্যাহত

উল্লেখ্য, উক্ত দুৰ্ঘটনাস্থলীত উপস্থিত হ'বলৈ কোনোধৰণৰ পথ যোগাযোগৰ ব্যৱস্থা নাই । সেনা আৰু বায়ুসেনাৰ তৰফৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । সেনাৰ দুখন ALH হেলিকপ্টাৰ আৰু বায়ুসেনাৰ এখন MI-17 হেলিকপ্টাৰে দুৰ্ঘটনাৰ স্থান ওপৰৰ পৰা পৰিদৰ্শন কৰিছে । হেলিকপ্টাৰখনত দুজন পাইলট থকা বুলি জানিব পৰা গৈছে ।

অৱশ্যে তেওঁলোকৰ বিষয়ে কোনো তথ্য সেনাৰ তৰফৰ পৰা প্ৰদান কৰা হোৱা নাই । অতি দুৰ্গম পাহাৰীয়া অঞ্চলত উপস্থিত হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই দুৰ্ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju tweet on Helicopter crashed in Arunachal) ।

তেওঁ এক টুইট বাৰ্তাত কয়, "অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ভয়ংকৰ ভিডিঅ' লাভ কৰিছোঁ । সকলো কুশলে থাকক বুলি প্ৰাৰ্থনা কৰিছোঁ ।" উল্লেখ্য, উক্ত দুৰ্ঘটনাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে কিৰেণ ৰিজিজুৱে । ভিডিঅ'টোত ঘন গছ-গছনিৰে আবৃত পাহাৰৰ এটা অংশৰ পৰা ক'লা ধোঁৱা ওলাই থকা দেখা গৈছে ।

উল্লেখযোগ্য যে অক্টোবৰ মাহৰ ভিতৰতে অৰুণাচল প্ৰদেশৰ পশ্চিম আৰু পূব দিশত দুখন হেলিকপ্টাৰ দুৰ্ঘনাগ্ৰস্ত হয় । যোৱা ৫ অক্টোবৰত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ লুম্ফুৰ সমীপত এখন সেনাৰ Cheetah হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ মৃত্যু হয় আৰু পাইলটগৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে (Army cheetah helicopter crashed in Arunachal) ।

লগতে পঢ়ক :Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটৰ্ঘনাত থিতাতে নিহত এগৰাকী মহিল

Last Updated : Oct 21, 2022, 5:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.