ETV Bharat / state

ম্যানমাৰত পিপলচ লিবাৰেচন আৰ্মীৰ দুটা ফৈদৰ সংঘৰ্ষত নিহত 6

author img

By

Published : Aug 12, 2021, 8:29 PM IST

মণিপুৰৰ অন্যতম বিদ্ৰোহী সংগঠন "পিপলচ লিবাৰেচন আৰ্মী"(Peoples' Liberation Army) ৰ দুটা গোটৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ ৷ সংঘৰ্ষত 6 জন নিহত হোৱাৰ লগতে আহত হৈছে 6 জন কেডাৰ ৷

heavy-conflict-between-two-groups-of-pla-at-myanmar
মণিপুৰৰ এটা উগ্ৰপন্থী সংগঠনৰ দুই গোটৰ মাজত সংঘৰ্ষত নিহত 6

তেজপুৰ,12 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰকখনত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিদ্ৰোহী সংগঠন "পিপলচ লিবাৰেচন আৰ্মী"(Peoples' Liberation Army) ৰ দুটা গোটৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ ৷ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে এই কথা ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা মতে, যোৱা 10 আগষ্টৰ নিশা ম্যানমাৰত থকা শিবিৰত "পিপলচ লিবাৰেচন আৰ্মী" নামৰ মণিপুৰী উগ্ৰপন্থী গোটটোৰ দুই ফৈদৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় ৷

উক্ত সংঘৰ্ষত 6 জন কেডাৰৰ মৃত্যু হোৱাৰ লগতে তিনিজন (3) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ বিশেষ সূত্ৰে জানিব পৰা মতে মণিপুৰৰ থৌবাল আৰু কাকচিঙত তিনিজন নিহতৰ পৰিয়ালৰ সৈতে চোৰাংচোৱাৰ সহায়ত যোগাযোগ কৰা হৈছে আৰু উক্ত খবৰ নিশ্চিত কৰা হৈছে ৷ মৃত্যু হোৱা সকলৰ ভিতৰত আছে এছ.এছ. মেজৰ বয়চা, লেইম্বা,অংগম্বা,তান্থুবা, টমচা, সুৰেশ ৷

লগতে পঢ়কঃ বিশ্ব হস্তী দিৱসত হাতীৰ বাবে 400 বিঘা মাটিত ৰোপন কৰা হ’ল ধান

ইফালে চাংলাং আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তিনিজন উগ্ৰপন্থী ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই ম্যানমাৰৰ সেনাই আটক কৰাৰ তথ্য পোৱা গৈছে ৷

উল্লেখযোগ্য যে, বিগত সময়চোৱাত বিভিন্ন কাৰণত কেডাৰসকল হতাশ হোৱাৰ বাবে আৰু অস্ত্ৰ সম্বৰণৰ সিদ্ধান্ত লোৱাৰ বাবেই এই সংঘৰ্ষ সংঘটিত হৈছিল ৷ প্ৰাপ্ত খবৰ মতে, উগ্ৰপন্থী সংগঠনটোৰ এটা গোটে অস্ত্ৰ সম্বৰণৰ বাবে জংঘলৰ পৰা ঘূৰি আহি থকাৰ খবৰ লাভ কৰিছিল সংগঠনটোৰ আনটো গোটে ৷ ইয়াৰ পাছতে অস্ত্ৰ সম্বৰণ কৰিব নিবিচৰা গোটটোৱে তেওঁলোকক বাধা প্ৰদান কৰে ৷ ফলত দুয়োটা ফৈদৰ আন্তঃদলীয় সংঘৰ্ষৰ সৃষ্টি হয় ৷

লগতে পঢ়কঃ ৰাজপথত আন্দোলনৰ হুংকাৰ অসমৰ ২৫ লক্ষাধিক কৰ্মচাৰীৰ

সূত্ৰই প্ৰকাশ কৰা মতে, এই হতাশাৰ কাৰণ হৈছে ম্যামমাৰৰ শিবিৰত সৃষ্টি হোৱা খাদ্য সামগ্ৰীৰ অভাৱ আৰু নিৰাপত্তাৰক্ষীৰ নিৰবিছিন্ন অভিযান ৷ সেনাৰ অভিযানৰ বাবে দাবী কৰা ধন বৰ্তমান সহজে উপলব্ধ নহয় যাৰ ফলত উগ্ৰপন্থীৰ শিবিৰত প্ৰাথমিক প্ৰয়োজনীয়তাৰ ভয়ংকৰ অভাৱ হৈছে ৷ এয়াও কেডাৰসকল হতাশ হোৱাৰ আন এক কাৰণ ৷

এই সংঘৰ্ষত মৃত্যু হোৱা লোক সকলৰ মৃতদেহ ম্যানমাৰত নিজেৰেই সতীৰ্থ কেডাৰে সমাধিস্থ কৰা বুলি জানিব পৰা গৈছে ৷ সূত্ৰটোৰ মতে, সুৰক্ষা বাহিনীয়ে সীমান্তত বৰ্তমান সংগঠনটোৰ গতিবিধিত সম্পূৰ্ণ নিৰীক্ষণ ৰাখিছে ৷

লগতে পঢ়কঃ লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.