ETV Bharat / state

চতিয়াৰ কন্যাকা কৃষি ফাৰ্মত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দৈনন্দিন জীৱন-যাত্ৰা ৷ ইয়াৰ মাজতে সোমবাৰে জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠা বিশাল কৃষি ফাৰ্ম কন্যকাত উপস্থিত হয় জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷

author img

By

Published : Sep 7, 2021, 5:34 PM IST

heartthrob-zubeen-garg-at-kanyaka-agricultural-farm-in-satia
চতিয়াৰ কন্যাকা কৃষি ফাৰ্মত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

বিশ্বনাথ,7 ছেপ্তেম্বৰ: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠা বিশাল কৃষি ফাৰ্ম কন্যকাত সোমবাৰে উপস্থিত হয় জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ ৷ কন্যকাই দেখুওৱা কৃষি বিপ্লৱৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ প্ৰত্যেকজন কৃষকে খেতিৰ জড়িয়তে যাতে মাৰ্চিডিচ বাহন ক্ৰয় কৰিব পৰাকৈ সক্ষম হ'ব পাৰে, তাৰেই পোষকতা কৰে শিল্পী গৰাকীয়ে ৷

আনহাতে কন্যকাত থকা অসমৰ ভিতৰত বৃহৎ গোহালীৰ লগতে গুজৰাটৰ গিৰ গাই পৰিদৰ্শন কৰি অভিভূত হৈ পৰে কণ্ঠশিল্পী গৰাকী ৷ লগতে অসমৰ যুৱ-প্ৰজন্মক কৃষি বিপ্লৱৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাই শিল্পী গৰাকীয়ে ৷ ইয়াৰ উপৰি শেহতীয়াকৈ বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে কিছু বিৰূপ মন্তব্য কৰা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ সন্দৰ্ভতো মন্তব্য কৰে শিল্পী গৰাকীয়ে ৷ শৃংখল চলিহাক বিশৃংখল আখ্যা দি তাক মই বুজাম বুলি মন্তব্য কৰে শিল্পী গৰাকীয়ে ৷

একেদৰে অসমত থাকি তালিবানৰ জয়গান গোৱা সকলৰ বিৰূদ্ধেও সোচ্চাৰ হৈ পৰে কন্ঠশিল্পী গৰাকী ৷ তালিবানৰ বিষয়টো আমি ঢুকিয়ে নাপাঁও বুলি মন্তব্য কৰে জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে ৷

লগতে পঢ়কঃ আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.