ETV Bharat / state

শোণিতপুৰত ক’ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১,৯৬৬লৈ বৃদ্ধি

author img

By

Published : May 15, 2021, 10:31 PM IST

শোণিতপুৰৰশেহতীয়া ক’ভিড পৰিস্থিতি বুজ ল’বলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ শোণিতপুৰ জিলাত ক’ভিড আক্ৰান্ত হৈ ৩২ জন লোকৰ মৃত্যু ৷ শনিবাৰৰ দিনটোলৈকে শোণিতপুৰত মুঠ আক্ৰান্ত ১৯৬৬ গৰাকী ক’ভিডত ।

শোণিতপুৰত ক’ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৯৬৬লৈ বৃদ্ধি

তেজপুৰ,১৫ মে’: ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷

শনিবাৰে শোণিতপুৰ জিলাৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ক’ভিড ৰোগীৰ বাবে ১৬০ খন বিচনা থকাৰ উপৰিও ২০ খন আই চি ইউ ত বিচনা আছে । আনহাতে, শনিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি আৰু ৫১০ খন ক’ভিড বিচনা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয় খনত উপস্থিত হৈ ক’ভিড সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা উপায়ুক্তৰ লগত বিশদ ভাৱে আলোচনা কৰে । মন্ত্ৰী মহন্তৰ লগত উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা, ৰঙাপৰা বিধায়ক কৃষ্ণ কমল তাঁতী আৰু চটিয়াৰ বিধায়ক পদ্ম হাজৰিকা ।

তেজপুৰ পৰুৱাৰ মহিলা শিশুৰ বাবে সংৰক্ষিত ২০০ খন বিচনাযুক্ত চিকিৎসালয়ত ইতিমধ্যে প্ৰায় ৩০ জন ৰোগী বৰ্তমান আছে আৰু তেজপুৰ ডেকাৰ গাঁও আদৰ্শ চিকিৎসালয়ত ২০০ খন বিচনা আছে আৰু বৰ্তমান ৭০ জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

আনহাতে ৰাজ্যত এতিয়া ক’ভিডৰ ব্যাপক গণসংক্ৰমণ ৷ সৰ্বসাধাৰণ ৰাইজক এই ভয়াবহ ৰোগৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰ তথা আৰক্ষী বিভাগে জাৰি কৰিছে নতুন বিধি ৷ বিয়লি ২ বজাৰ পৰিবৰ্তে 12 বজাৰ পৰা জাৰি কৰিছে ৰাজ্যত সান্ধ্যআইন ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা পৰৱৰ্তী সময়ত গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াৰ পিছত তেজপুৰ চহৰো সম্পূৰ্ণ লকডাউনৰ ইংগিত প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

উদ্ৰেগজনক ভাৱে, শোণিতপুৰ জিলাত শনিবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৩০৫ জন ৷ বৰ্তমানলৈ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ আছে ১,৬৫৩ গৰাকী লোক । তাৰ বিপৰীতে জিলাখনত শনিবাৰে পুনৰ ২ জন লোকৰ মৃত্যু ঘটে আৰু ইয়াকে লৈ জিলাখনৰ মৃত্যুৰ সংখ্যা 33 জনলৈ বৃদ্ধি হয় ।

লগতে পঢ়ক: মৰিয়নী ৰেলৱে জংচনত উপস্থিত ক'ভিড কেয়াৰ ৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.