ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত টাৱাঙৰ পৌৰাণিক কাগজ প্ৰকল্পৰ চৰ্চা

হাজাৰ হাজাৰ বছৰ ধৰি বন্ধ হৈ থকা টাৱাঙৰ পৌৰাণিক কাগজ প্ৰকল্পই স্থান পালে প্ৰধান মন্ত্ৰীৰ ‘মন কী বাত’ত ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ স্থানীয় লোকে হাতেৰে নিৰ্মাণ কৰা এই কাগজ প্ৰকল্পক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷

handmade raper project
প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত টাৱাঙৰ পৌৰাণিক কাগজ প্ৰকল্পৰ চৰ্চা
author img

By

Published : Feb 3, 2021, 7:39 AM IST

Updated : Feb 4, 2021, 10:55 AM IST

তেজপুৰ,3 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানত এইবাৰ স্থান পাইছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ স্থানীয় লোকৰ হাতেৰে নিৰ্মাণ কৰা কাগজে । পৌৰাণিক পদ্ধতিৰে কাগজ নিৰ্মাণ কৰা বৌদ্ধিক পৰম্পৰাৰ প্ৰচলন আছিল এই অঞ্চলটোত ।

হাজাৰ হাজাৰ বছৰ ধৰি বন্ধ হৈ থকা এই প্ৰচলন পুনৰ সজীৱ হৈ উঠিছে । মাত্ৰ কেইজনমান লোকৰ সহযোগিতাৰে টাৱাঙৰ কৃষি বিভাগৰ এটি পৰিত্যক্ত ঘৰ কেভিআইচিয়ে পুনৰ নিৰ্মাণ কৰি দিয়াৰ পাচত কাগজ প্ৰস্তুত কৰা আৰম্ভ কৰিছে মালিন গম্বু নামৰ লোকজনে ৷

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত টাৱাঙৰ পৌৰাণিক কাগজ প্ৰকল্পৰ চৰ্চা

পেচাত এগৰাকী অধিবক্তা মালিন গম্বুয়ে তেওঁৰ লীগৰ স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা পৌৰাণিক পদ্ধতিৰে কাগজ প্ৰস্তুত কৰা আৰম্ভ কৰে । সাগৰ পৃষ্ঠৰ পৰা 10,800 ফুট উচ্চতাত অতি স্পৰ্শকাতৰ তিনিটা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ভাৰত-তিব্বত-চীন সীমান্তত অৱস্থিত টাৱাঙৰ মক’তো গাঁৱত বৰ্তমানেও প্ৰচলন হৈ আছে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ গছৰ পৰা উৎপাদন কৰা এই কাগজ প্ৰকল্প ৷

ডফোনে প্ৰাপ্যৰচ্ছ (Daphne Papyracea) নামৰ উদ্ভিদবিধৰ পৰা বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা হয় কাগজ ৷ মনপা জনগোষ্ঠীৰ ভাষাত ইয়াক Shugu-Sheng (শুগু শ্বেং) আৰু Shuksheng (শুক্চেং) বুলি কোৱা হয় । 5-6 বছৰীয়া গছ (bark)ৰ পৰা প্ৰথমে শুকুৱাই তাৰ পাচত ইয়াক উতলোৱা হয় আৰু সিজাই লৈ পুনৰ 2-3 দিনলৈ সম্পূৰ্ণৰূপে শুকুৱাবলৈ দিয়া হয় ৷ মুঠ দহটা প্ৰক্ৰিয়াৰ অন্ততহে কাগজ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰা হয় ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ অন্যান্য জনগোষ্ঠীৰ লগতে মনপা জনগোষ্ঠী কাগজ উৎপাদনত, চাহ উৎপাদনত ছিংফৌ আৰু নিমখ তৈয়াৰ কৰাৰ বাবে নকটে’ জনগোষ্ঠী বিখ্য়াত । এই কাগজ টাৱাং বৌদ্ধ বিহাৰৰ লামাসকলে ধৰ্মীয় গ্ৰন্থ ‘Elwin 1968’ত ব্যৱহাৰ কৰিছিল ৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমতো এই কাগজ ব্যৱহাৰ কৰা হৈছিল ।

এক দীঘলীয়া প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা কাগজ প্ৰকল্পক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীৰ এই উৎসাহজনক প্ৰশংসাৰ পাচতে অৰুণাচলৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু 14 ফেব্ৰুৱাৰীত টাৱাঙত উপস্থিত হৈ উদ্যোগৰ বুজ ল’ব বুলি মন্তব্য কৰে । তেওঁ কয় যে, পৰৱৰ্তী সময়ত এই কাগজ অৰুণাচল প্ৰদেশৰ চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰৰ ক্ষেত্ৰত পৰ্যালোচনা কৰা হ’ব ।

আৰম্ভণিৰে পৰা এই প্ৰকল্পৰ বাবদ মুঠ 3 লাখ টকাৰ খৰচ বহন কৰা হৈছে । 1860 খ্ৰীষ্টাব্দত মনপা হেণ্ড মেড পেপাৰ আৰম্ভ হৈছিল ৷ ইয়াৰ পাচত 1996 চনত ৰাজস্থানৰ কুমাৰাপ্পাত হাতেৰে বনোৱা কাগজ ইনষ্টিটিউটৰ পৰা এই গাওঁলৈ আহিছিল ৷ ভাৰতৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপেনুৰ চীফ গুৱাহাটীৰ জৰিয়তে 39.20 লাখৰ এখন প্লেন প্ৰস্তুত কৰে, যাতে এই উদ্যোগ গঢ়ি তোলাৰ বাবে পৌৰাণিক আৰু নতুন সংমিশ্ৰণ ঘটাই পুনৰ উজ্জীৱিত কৰা হয় ৷

1998 চনৰ মাৰ্চ মাহত 40-50 বছৰীয়া এটি মহিলাৰ দলে কুমাৰাপ্পাত হাতেৰে বনোৱা কাগজৰ প্ৰশিক্ষণ দিয়া হয় আৰু তাৰ পাচত মালিন গম্বুয়ে এটা বেচৰকাৰী সংস্থা গঠন কৰে, য’ত স্থানীয় যুৱক তাচ্ছি নৰবোৰক মুখ্য কাৰ্যবাহী সদস্য, স্থানীয় বিধায়ক আৰু উপায়ুক্তক উপদেষ্টা হিচাপে নিৰ্বাচিত কৰে গম্বুয়ে ।

লগতে পঢ়ক : 6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

Last Updated : Feb 4, 2021, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.