ETV Bharat / state

প্ৰধান মন্ত্ৰীৰ ভাৰ্চুৱেল বার্তাত তেজপুৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ লোকৰ অংশগ্ৰহণ - জল জীৱন মিচন

ঘৰে ঘৰে পানী যোগান আঁচনিৰ কাম কাজৰ গতিবিধি সন্দৰ্ভত অৱগত হোৱাৰ উদ্দেশ্যে শনিবাৰে দেশৰ পাঁচখন ৰাজ্যৰ সাতখন জিলাবাসীৰ লগত ভাৰ্চুৱেল বাৰ্তালাপত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভাৰ্চুৱেল বাৰ্তালাপত মিলিত হয় হলেশ্বৰ গাঁও পঞ্চায়তৰ শতাধিক বিশিষ্ট লোক ৷

haleshwar-gaon-panchayat-people-participate-in-pms-virtual-meeting
প্ৰধান মন্ত্ৰীৰ ভাৰ্চুৱেল বার্তাত তেজপুৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ লোকৰ অংশগ্ৰহণ
author img

By

Published : Oct 2, 2021, 9:37 PM IST

তেজপুৰ,2 অক্টোবৰ: মহাত্মা গান্ধীৰ 152 সংখ্যক জন্মদিন উপলক্ষে শনিবাৰে দেশৰ পাঁচখন ৰাজ্যৰ সাতখন জিলাবাসীৰ লগত ভাৰ্চুৱেল বাৰ্তালাপত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই পাঁচখন ৰাজ্য হৈছে ক্ৰমে উত্তৰ প্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, তামিল নাডু আৰু মণিপুৰ ৷ ৰাজ্যকেইখনৰ পানী যোগান সমিতিৰ সভাপতি সকলৰ লগত বাৰ্তালাপ কৰি আচঁনিখনৰ সফলতা আৰু এই ক্ষেত্ৰত উপকৃত হোৱা হিতাধিকাৰী সম্পৰ্কে বুজ লয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

Haleshwar gaon panchayat people participate in PM's virtual meeting
প্ৰধান মন্ত্ৰীৰ ভাৰ্চুৱেল বার্তাত তেজপুৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ লোক

উল্লেখ্য যে, শোণিতপুৰ জিলাতো জল জীৱন মিচনৰ অধীনত 49 খন গাঁৱৰ 378 টা চুবুৰীৰ প্ৰতিটো পৰিয়ালত টেপেৰে বিশুদ্ধ খোৱা পানী যোগানত 100 শতাংশ সফলতা অৰ্জন কৰিছে ৷ ইয়াৰ ভিতৰত জিলাখনৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ দেৱালয় গাঁওখনো অন্তৰ্ভুক্ত হোৱাত গাঁও পঞ্চায়তখনৰ শতাধিক বিশিষ্ট লোকে শনিবাৰে প্ৰধানমন্ত্ৰীৰ বৰ্তালাপত ভাৰ্চুৱেলী উপস্থিত থাকে ৷ এই বাৰ্তালাপত উপস্থিত থাকে গাঁও পঞ্চায়তৰ সভানেত্ৰী সমন্বিতে বিশিষ্ট লোকসকল ৷

এই বাৰ্তালাপ কৰাৰ সময়ত জল জীৱন মিচনৰ ৰাজ্যিক যুটীয়া মিচন সঞ্চালক মৃদুল যাদৱ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জ্যেষ্ঠ বিষয়া ,কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে ৷

উল্লেখ্য যে, শোণিতপুৰ জিলাত 650 কোটি টকা ব্যয়ৰে পানী যোগানৰ 604 খন নতুন আচঁনি আৰু 80 কোটি টকা ব্যয়ৰে 400 খন পানী যোগান আচঁনি মেৰামতি কাম চলি আছে ৷ ইয়াৰ জড়িয়তে শোণিতপুৰ জিলাৰ 900 খন গাঁৱৰ 2 লাখ 75 হাজাৰ পৰিয়ালৰ ঘৰত টেপৰে বিশুদ্ধ পানী যোগানৰ লক্ষ্য 2024 ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে ৷ ভাষণত মোডীয়ে বৰ্তমান দেশৰ 5 কোটি লোকে টেপৰ জৰিয়তে বিশুদ্ধ খোৱা পানী লাভ কৰিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ মহানগৰীৰ গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.