ETV Bharat / state

তেজপুৰত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় সেউজ গ্ৰন্থ মেলা - দ্বিতীয় সেউজ গ্ৰন্থ মেলা তেজপুৰ

শনিবাৰৰ পৰা তেজপুৰ নেহেৰু মৈদানত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় সেউজ গ্ৰন্থ মেলা ৷ মুঠ 60 লাখ টকা ব্যয় সাপেক্ষে অয়োজন কৰা এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰায় 22 টা আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে ৷

green book fair
তেজপুৰত আজিৰে পৰা অনুষ্ঠিত হৈছে দ্বিতীয় সেউজ গ্ৰন্থ মেলা
author img

By

Published : Feb 22, 2020, 8:39 PM IST

তেজপুৰ, 22 ফেব্ৰুৱাৰীঃ " কিতাপ নথকা হ'লে ভাষাৰ মৃত্যু ক্ষীপ্ৰতৰ হ'ল হেতেন ৷ উত্তৰ পূবাঞ্চলৰ ভিতৰত আছে প্ৰায় 150 টা মান জাতি আৰু জনজাতি ৷ কিন্তু বিগত 40-50 বছৰত সমগ্ৰ ভাৰতবৰ্ষত মৃত্যু হ'ল প্ৰায় 80 ৰো অধিক ভাষা ৷ ইয়াৰ ভিতৰত 16 টা ভাষাই আছিল অৰুণাচল প্ৰদেশৰ ৷ গতিকে ভাষা জীয়াই থাকিবলৈ হ'লে কিতাপৰ থাকিবই লাগিব ৷ " শনিবাৰে তেজপুৰ নেহেৰু মৈদানত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় সেউজ গ্ৰন্থ মেলাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে মাজুলীৰ সংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ডাম্বৰুধৰ নাথে ৷ গ্ৰন্থমেলা খন উদ্ধোধন কৰি উপাচাৰ্য গৰাকীয়ে কিতাপৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ সন্দৰ্ভত কয় যে, মোবাইল বা কম্পিউটাৰ অথবা ইণ্টাৰনেটত কিতাপ পঢ়াতকৈ এখন কিতাপ লৈ পঢ়াটো অতি বেছি ভাল ৷

তেজপুৰত আজিৰে পৰা অনুষ্ঠিত হৈছে দ্বিতীয় সেউজ গ্ৰন্থ মেলা

অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্যৰ প্ৰায় 22 টা আগশাৰীৰ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে,এই গ্ৰন্থমেলাতে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এশজন বিশিষ্ট ব্যক্তিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ ইয়োৰোপৰি সাহিত্যৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা চাহ জনগোষ্ঠীৰ তিনি গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান ৷ আনহাতে গুৰুত্বপূৰ্ণ যে, মুঠ 60 লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত কৰা এই গ্ৰন্থমেলালৈ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলে দৈনিক যাতে আহিব পাৰে তাৰ বাবে অসম প্ৰকাশন পৰিষদে বিনামূলীয়া যাতায়তৰো ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক , ৰাজপথত দৰং মহাবিদ্যালয়ৰ বৰ্ণিল শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.