ETV Bharat / state

তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 12:32 PM IST

ৰূপকোঁৱৰৰ সাধনাৰ স্থলী তেজপুৰত আজি অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস । কণ্ঠশিল্পী মণীষা হাজৰিকাক প্ৰদান কৰিব ২০২৪ বৰ্ষৰ শিল্পী বটাঁ । প্ৰদান কৰিব অসম চৰকাৰৰ তিনিটা ৰাষ্ট্ৰীয় আৰু চাৰিটা বিশেষ ৰাজ্যিক বঁটা ৬০ গৰাকীলৈ শিল্পী পেন্সন আৰু ১৫১ গৰাকীলৈ বাৰ্ষিক শিল্পী সন্মান ।

Government of Assam observed Silpi Diwas in Tezpur
তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন
তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন

তেজপুৰ,১৭ জানুৱাৰী: অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস অৰ্থাৎ শিল্পী দিৱস । শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ কৰ্মসাধনাৰ স্থলী তেজপুৰৰ পকী, তথা জ্যোতি ভাৰতীত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শিল্পীগৰাকীৰ সমাধিস্থলীত পৰিয়ালৰ লোকে বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে । অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী অৰ্থাৎ ৰূপকোঁৱৰৰ সাধনাৰ স্থলী 'পকী'ত গীতে মাতে মুখৰিত হয় ।

আনহাতে তেজপুৰত আজি দিনজোৰা গীত-মাতৰ কাৰ্যসূচী আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানে । তেজপুৰ সাহিত্য সভা, জ্যোতি ভাৰতী, বাণ থিয়েটাৰ, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়, কলাগুৰু সংগীত মহাবিদ্যালয়, ত্ৰিমূৰ্তি উদ্যান, ৰূপকোঁৱৰৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু গীত-মাতৰ অনুষ্ঠানৰ আয়োজন কৰাৰ মাজতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানো কাইলৈ বিয়লি ৪ বজাৰ পৰা তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই মুখ্য অতিথিৰ লগতে মন্ত্ৰী অশোক সিংহল আৰু পীযুষ হাজৰীকাই সন্মানীয় অতিথিৰ লগতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলাৰ বিধায়ক গণেশ লিম্বু আৰু ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে বিশিষ্ট অতিথিৰ লগতে বিশিষ্ট শিক্ষাবিদ, লেখিকা ড৹ স্বাধীনতা মহন্তই নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিবলগা এই অনুষ্ঠানত ৰাজ্যখনৰ যশস্বী কন্ঠশিল্পী মনীষা হাজৰিকাক অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব ।

আনহাতে এই অনুষ্ঠানতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা সাতগৰাকী স্বনামধন্য ব্যক্তিৰ তিনিগৰাকীক ৰাষ্ট্ৰীয় আৰু চাৰিগৰাকীক ৰাজ্যিক বঁটাৰে বিভূষিত কৰা হ'ব । ২০২৩ বৰ্ষৰ তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ক্ৰমে-লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীলৈ, কৃষ্ণকান্ত সন্দিকৈ বঁটাৰ বাবে বিশিষ্ট পণ্ডিত, গৱেষক ড৹ প্ৰদীপজোতি মহন্তক আৰু চুকাফা বঁটা প্ৰদান কৰিব বিশিষ্ট সাংবাদিক সাহিত্যিক বেজবৰুৱাক ।

আনহাতে এই অনুষ্ঠানতে ২০২৩ বৰ্ষৰ চাৰিটা ৰাজ্যিক পৰ্যায়ৰ বঁটা ক্ৰমে, নটসূৰ্য্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী চেতনা দাসক, ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা বিশিষ্ট সাংবাদিক প্ৰশান্ত বৰুৱাক, সতী ৰাধিকা বঁটা সমাজ সেৱিকা ড৹ মালতী বৰুৱা আৰু শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান কৰা হ'ব লোকশিল্পী জগদীশ বৰ্মনক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ব ।

আনহাতে একেটা অনুষ্ঠানতে অসমৰ শিল্প-কলা ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়াই অহা ৰাজ্যখনৰ ৬০ গৰাকী শিল্পীক শিল্পী পেন্সন, ১৫১ গৰাকী শিল্পীক বাৰ্ষিক শিল্পী সন্মান, ১০ গৰাকী দিব্যাংগ শিল্পীক এককালীন সাহাৰ্য আৰু ১০ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক এককালীন সাহাৰ্য প্ৰদান কৰিব ।

লগতে পঢ়ক: শিল্পী দিৱসত ৰূপকোঁৱৰৰ সান্নিধ্য লাভ কৰা হৰেন্দ্ৰনাথ শৰ্মাক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.