ETV Bharat / state

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালক সাক্ষাৎ লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাৰ

তেজপুৰৰ চতুৰ্থ কৰ্পছৰ জি অ চি লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সোমবাৰে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰক সাক্ষাৎ কৰে । ৰাজ্যখনৰ তিনিখন জিলাৰ চাৰিখনকৈ আৰক্ষী থানাৰ অধীনৰ অঞ্চলত উগ্ৰপন্থীৰ সমস্যা থকাৰ বিষয়ে জি অ চিক অৱগত কৰে ৰাজ্যপালগৰাকীয়ে ।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালক সাক্ষাৎ লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাৰ
অৰুণাচল প্ৰদেশৰ ৰাজ্যপালক সাক্ষাৎ লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাৰ
author img

By

Published : Feb 22, 2021, 9:03 PM IST

তেজপুৰ, ২২ ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ডঃ) বি ডি মিশ্ৰক সাক্ষাৎ কৰিলে তেজপুৰত থকা ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাই । খ'ছলাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সোমবাৰে প্ৰথমবাৰৰ বাবে ইটানগৰ ৰাজভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে । ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰাৰ লগতে সেনা আৰু স্থানীয় লোকৰ মাজত সম্পৰ্কৰ বিষয়েও তেওঁলোকে আলোচনা কৰে ।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালক সাক্ষাৎ লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাৰ
অৰুণাচল প্ৰদেশৰ ৰাজ্যপালক সাক্ষাৎ লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাৰ

এই আলোচনাত ৰাজ্যপালগৰাকীয়ে তিনিখন জিলাৰ অন্তৰ্গত ৰ'য়িং, সোণাপুৰা, নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অধীনৰ অঞ্চলৰ লোকসকলে উগ্ৰপন্থী সমস্যাৰ সৈতে মোকাবিলা কৰি আছে বুলি জনায় সেনা বিষয়াগৰাকীক । এই ক্ষেত্ৰত কটকটীয়া নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে যদিও এচাম লোকে হিংসাত্মক কাৰ্যকলাপৰ জৰিয়তে উন্নয়নমূলক কাম-কাজ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে ।

ৰাজ্যবাসীৰ সুৰক্ষাক লৈ চিন্তা ব্যক্ত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে, প্ৰতি ইঞ্চি ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব আৰু একে সময়তে জনসাধাৰণক নিৰাপত্তা দিব লাগিব । ৰাজ্যপাল মিশ্ৰই ইন্টেলিজেঞ্চ, সেনা আৰু আৰক্ষীৰ সহযোগিতাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় । লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাক সেনা আৰু স্থানীয় লোকৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ লগতে স্থানীয় লোকক প্ৰয়োজনীয় চিকিৎসাৰ সুবিধা প্ৰদান কৰিবলৈও পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক:দক্ষিণ শালমাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.