ETV Bharat / state

ঘনশ্যাম বৈশ্য় হত্যাকাণ্ড : হত্যাৰ সন্দেহৰ আঙুলি ব্যৱসায়ী মতি সিপানী লৈ ! - তেজপুৰ আৰক্ষী

এটা ৰহস্যময় হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তেজপুৰত । এজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে চুপাৰী কিলাৰ লগাই হত্যা কৰাৰ অভিযোগ যুৱ ব্যৱসায়ী ঘনশ্যাম বৈশ্যক ।

ghansyam baishya murder case in tezpur
ghansyam baishya murder case in tezpur
author img

By

Published : May 14, 2020, 3:31 PM IST

তেজপুৰ,১৪ মে' : তেজপুৰৰ অৰিমৰা চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পানী জুৱলিত যোৱা 7 মে'ত ক্ষত-বিক্ষত অৱস্থাত পোৱা গৈছিল যুৱ ব্যৱসায়ীৰ ঘনশ্যাম বৈশ্যৰ মৃতদেহ । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302/ 201/34 ধাৰাৰ অধীনত তেজপুৰ নদী আৰক্ষীত এটা গোচৰ ৰুজু কৰিছিল ।

ghansyam baishya murder case in tezpur
যুৱ ব্যৱসায়ী ঘনশ্যাম বৈশ্য (ফাইল ফটো)

কিন্তু আশ্চৰ্যজনকভাৱে তেজপুৰ চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মতি সিপানী আৰু তেওঁৰ পুত্ৰ তথা তেজপুৰ পৌৰ সভাৰ বিজেপি দলৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ ঋষভ সিপানীলৈ ঘনশ্যাম হত্যাৰ সন্দেহৰ আঙুলি উঠিছে । পৰিয়ালৰ সূত্ৰত প্ৰকাশ যে ৰাজনৈতিক ছত্ৰছাঁয়াত অধিষ্ঠিত সিপানীৰ লগত বৈশ্যৰ পৰিয়ালৰ ৰাজনৈতিক মতবিৰোধৰৰ লগতে সীমা বিবাদ আছিল ৷ পূৰ্বতে সূত্ৰপাত হোৱা কাজিয়াত আৰক্ষীৰ কাষ চাপিব লগীয়া হৈছিল বৈশ্য আৰু পৰিয়াল ৷ অভিযোগ অনুসৰি ঘনশ্যাম বৈশ্য আৰু পৰিয়ালক সিপানীয়ে নিজৰ ব্যক্তিগত অস্ত্ৰ দেখুৱাই মৃত্যুৰ ভাবুকি দিছিল ।

ঘনশ্যাম বৈশ্য় হত্যাকাণ্ড : পৰিয়ালৰ প্ৰতিক্ৰিয়া !

সেয়ে পৰিয়ালৰ লোকে শিপানী পৰিয়াল ঘনশ্যাম বৈশ্যৰ হত্যাত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ পৰিয়ালৰ লোকে তেজপুৰ আৰক্ষীক দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে কোনো তদন্ত নকৰাৰো অভিযোগ পৰিয়ালৰ ।

ঘনশ্যাম বৈশ্য় হত্যাকাণ্ড : মতি সিপানীৰ প্ৰতিক্ৰিয়া !

আনহাতে, মতি সিপানীয়ে এই ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷ ঘনশ্যাম হত্যাৰ ঘটনাক গৰিহণাও দিয়ে সিপানীয়ে ৷
লগতে পঢ়ক : লক্ ডাউনঃ আৰ্থিক সংকটত অসমৰ দেৱালয় তথা তীৰ্থস্থান সমূহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.