ETV Bharat / state

AASU general meeting postpond: সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰৰ সাধাৰণ সভা স্থগিত

author img

By

Published : Jan 21, 2022, 8:17 PM IST

অসমৰ বাকী জিলাসমূহৰ দৰে শোণিতপুৰতো শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । যাৰ বাবে ১০ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া সাধাৰণ সভা বাতিল কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (General Meeting of AASU in Tezpur postponed)। সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে আছু নেতৃত্বই ।

AASU general meeting postpond
সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰৰ সাধাৰণ সভা স্থগিত

তেজপুৰ, ২১ জানুৱাৰী : শোণিতপুৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increased in Sonitpur) ৷ যোৱা ৬ জানুৱাৰীৰ পৰা ২১ জানুৱাৰী পৰ্যন্ত জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২০৬০ গৰাকীলৈ ৷ আনহাতে ক'ভিড আক্ৰান্ত ১১ গৰাকী ৰোগীৰ মৃত্যু হৈছে । ইফালে জিলাখনত সদৌ অসম ছাত্ৰ সন্থাই সাধাৰণ সভাৰ অয়োজন কৰিছিল ।

কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে তেজপুৰৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া ১৮ সংখ্যক সাধাৰণ সভা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে সদৌ অসম ছাত্ৰ সন্থাই (General Meeting of AASU in Tezpur postponed)। শুকুৰবাৰে এক সংবাদ মেল যোগে শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেজপুৰ মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাই অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া এই সভা স্থগিত ৰখা বুলি সদৰি কৰে ৷ আনহাতে পৰৱৰ্তী সময়ত ক'ভিড পৰিস্থিতি উন্নত হ'লে এই সভা পুনৰ অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰে ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে তেজপুৰ চহৰত সদৌ অসম ছাত্ৰ সন্থাৰ সমগ্ৰ ৰাজ্যখনৰ মুঠ ১০ হাজাৰ প্ৰতিনিধিৰ সমাগম হোৱাৰ সম্ভাৱনা আছিল আৰু সেই উপলক্ষ্যে তেজপুৰ জিলা ছাত্ৰ সন্থাই সমগ্ৰ তেজপুৰত প্ৰতিনিধি সকলক আদৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰিছিল । অৱশ্যে হঠাৎ যোৱা ৬ জানুৱাৰীৰ পৰা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ক'ভিড সংক্ৰমণৰ বাবে এতিয়া সকলো ম্লান পৰিল আৰু তাৎক্ষণিকভাৱে অভ্যৰ্থনা সমিতিৰ সিদ্ধান্ত মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :ডিব্ৰুগড়ত বিদ্যালয়ৰ বিশ্ববিদ্যালয়লৈকে ক’ভিডে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.