ETV Bharat / state

তেজপুৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 11, 2021, 10:06 PM IST

বৃহস্পতিবাৰে তেজপুৰ বিধান সভা সমষ্টিত কংগ্ৰেছৰ 5 টা গেৰান্টিৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ অগপ দলে জেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত ওপৰত অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

gaurav-gogoi-busy-in-campaigning-at-tezpur
তেজপুৰত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

তেজপুৰ,11 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব অন্ত পৰাৰ লগে লগে ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ন ন নিৰ্বাচনী কৌশল তথা প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ কাষ চপাৰ তুমুল প্ৰতিযোগিতাত নামিছে প্ৰতিটো ৰাজনৈতিক দলৰে নেতা-পালিনেতা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে তেজপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ড৹ অনুজ মেছৰ হৈ তেজপুৰত এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে ৷ প্ৰচাৰৰ মাজতে নেতা গৰাকীয়ে উল্লেখ কৰে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহিলা সবলীকৰণৰ বাবে আত্ম সহায়ক গোট আৰম্ভ কৰিছিল ৷ কিন্তু বিজেপিৰ পাঁচ বছৰ শাসনত এই মহিলা গোটসমূহে ঋণৰ বোজাত ঘৰ মাটি বিক্ৰী কৰিবলগাত পৰিছে ৷

তেজপুৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

ইফালে কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে ফাঁট মেলিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে উল্লেখ কৰে যে,"বিজেপিয়ে তেওঁলোকৰ জেদী নেতা অটল বিহাৰী বাজপেয়ীৰ বিষয়ে আৰু লালকৃষ্ণ আদৱানিৰ কথা নকয় ৷ কিন্তু কংগ্ৰেছে নেহৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ কথা পাহৰা নাই আৰু তেওঁলোকক শ্ৰদ্ধা জনায়" ৷ লগতে অগপ দলে জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়কঃ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰমাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নৱ কুমাৰ শৰণীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.