ETV Bharat / state

ৰক্ষকেই ভক্ষক : শোণিতপুৰত গাঞ্জাসহ আটক আৰক্ষী জোৱান

অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । কিন্তু তাৰ মাজতে একাংশ আৰক্ষীও নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ খবৰ পোৱা গৈছে । গাঞ্জা সৰবৰাহৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল আৰক্ষী জোৱান ।

author img

By

Published : Aug 22, 2021, 8:24 PM IST

Police arrest
শোণিতপুৰত গাঞ্জাসহ আটক আৰক্ষী জোৱান

ৰঙাপৰা,২২ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । কিন্তু তাৰ মাজতে অসম আৰক্ষীৰ বাবে এক উদ্বেগৰ খবৰ । কিয়নো এইবাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ত নামিছে খোদ আৰক্ষীৰ লোক । নিষিদ্ধ গাঞ্জা সৰবৰাহ কৰি শোণিতপুৰ জিলাত এইবাৰ আটক হ'ল এগৰাকী আৰক্ষী জোৱান ।

শোণিতপুৰত গাঞ্জাসহ আটক আৰক্ষী জোৱান

গাঞ্জাসহ ঠেলামাৰাত আটক হয় ২৪ আইআৰবিএন (24 IRBN)ৰ জোৱানজন । জোৱানজনৰ নাম তপন দাধৰা বুলি জানিব পৰা গৈছে । ৰিংকু নাথ নামৰ এগৰাকী গৃহৰক্ষী জোৱানৰ তৎপৰতাত আটক গাঞ্জা সৰবৰাহকাৰী আৰক্ষী জোৱানগৰাকী ।

উল্লেখ্য যে, এখন মটৰ চাইকেলত গাঞ্জাখিনি লৈ আহিছিল অভিযুক্ত তপন দাধৰাই । গৃহৰক্ষী জোৱানজনে প্ৰত্যক্ষ কৰি পিছে পিছে খেদি গৈছিল আৰু হাতে লোটে ধৰা পেলাই আৰক্ষী জোৱানজনক । পাছত ঢেকিয়াজুলি আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান ৰিংকু নাথে ঠেলামাৰা আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত ঠেলামাৰা আৰক্ষী উপস্থিত হৈ আৰক্ষী জোৱানজনক আটক কৰিবলৈ সক্ষম হয় ।

গাঞ্জাখিনিৰ পৰিমাণ প্ৰায় ৮ কেজি আছিল বুলি জানিব পৰা গৈছে । ইফালে গৃহৰক্ষী জোৱান ৰিংকু নাথক ২০ হাজাৰ টকাৰ প্ৰলোভনো দিছিল 24 IRBNৰ জোৱানজনে । কিন্তু প্ৰলোভনলৈ কেৰেপ নকৰি ৰিংকুৱে কৰায়ত্ত্ব কৰে অভিযুক্ত আৰক্ষীজনক । আৰক্ষী জোৱান এনেদৰে নিষিদ্ধ গাঞ্জা সৰবৰাহত জড়িত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ জিলাখনত ।

লগতে পঢ়ক : কলগাছিয়াত এখন ট্ৰেক্টৰে লগাইছে তিনি ব্যক্তিৰ মাজত পয়মাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.