ETV Bharat / state

তেজপুৰত ভূৱা MBBS ডিগ্ৰীধাৰীক গ্ৰেপ্তাৰ - তেজপুৰত ভূৱা MBBS ডিগ্ৰীধাৰীক গ্ৰেপ্তাৰ

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ হৈ পেৰা মেডিকেলৰ শিক্ষা গ্ৰহণ কৰি এমবিবিএছ ডিপ্লোমাৰ কাৰ্ড আৰু ফলক মাৰি বিগত দিনত মানুহৰ চিকিৎসা কৰি আহিছিল ডাঃ এম চুলতানে । ইতিমধ্যে তেজপুৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৯৩/৪২০/১০৯/৩৭০/৩৪ ধাৰাত গোচৰ পঞ্জীয়ণভূক্ত কৰা হৈছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৷

Tezpur
তেজপুৰ
author img

By

Published : Sep 13, 2020, 9:11 PM IST

তেজপুৰ,১৩ ছেপ্টেম্বৰঃ তেজপুৰ আৰক্ষীৰ জালত ডাঃ এম চুলতান নামৰ এজন ভুৱা চিকিৎসক । এটি নৱজাতক বিক্ৰীৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তেজপুৰ মৰা ভৰলীৰ সমীপত থকা নিজ চেম্বাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকগৰাকীক ৷ উক্ত ঘটনা সন্দৰ্ভত জিলাখনৰ উপ আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মাৰ পৰা পোৱা তথ্য অনুসৰি, গুলজাৰ হুছেইন আৰু ৰহিলা বেগম নামৰ এগৰাকী মহিলাৰ মাজত থকা অবৈধ সম্পৰ্কৰ ফলত ভুৱা চিকিৎসকজনে প্ৰসৱ কৰায় এটি সন্তান ৷

লগতে পঢ়কঃ আছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ

কিন্তু নৱজাতকটি প্ৰসৱৰ পাছতে মৃত বুলি কৈ গুলজাৰ হুছেইনে নৱজাতকটি অন্য লোকক বিক্ৰী কৰে ৷ উক্ত ঘটনাৰ লগত ডাঃ এম চুলতান জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছতে ভুৱা চিকিৎসকজনৰ সকলো সত্য পোহৰলৈ আহে ৷ উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ হৈ পেৰা মেডিকেলৰ শিক্ষা গ্ৰহণ কৰি এমবিবিএছ ডিপ্লোমাৰ কাৰ্ড আৰু ফলক মাৰি বিগত দিনত মানুহৰ চিকিৎসা কৰি আহিছিল ডাঃ এম চুলতানে ।

তেজপুৰত ভূৱা MBBS ডিগ্ৰীধাৰীক গ্ৰেপ্তাৰ

ইতিমধ্যে তেজপুৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৯৩/৪২০/১০৯/৩৭০/৩৪ ধাৰাত পঞ্জীয়ণভূক্ত গোচৰ নম্বৰ ১৫০৬/২০২০ অধীনত চুলতানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, দেওবাৰে বিয়লি তেজপুৰ মৰা ভৰলীৰ সমীপত থকা নিজ চেম্বাৰৰ পৰা তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ এম চুলতানক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.