ETV Bharat / state

অবৈধ শিল-বালি খনন কাৰ্যত জড়িতক কঠোৰ সকীয়নি বনমন্ত্ৰীৰ - illegal sand mining

পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ চাৰিদুৱাৰৰ ধাৰিকাটিৰ "সাহিত্য মনীষী উপবন" উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নৈত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে শিল-বালিৰ খনন কাৰ্য চলাই থকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাই বনমন্ত্ৰীগৰাকীয়ে ।

Forest Minister to take strict action against illegal sand mining
অবৈধ শিল-বালি খনন কাৰ্যত জড়িতসকলক কঠোৰ সকীয়নি বনমন্ত্ৰীৰ
author img

By

Published : Jun 12, 2020, 12:42 PM IST

ৰঙাপৰা, 12 জুনঃ ৰাজ্য চৰকাৰক কৰ ফাঁকি দি একাংশ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে শিল-বালিৰ অবৈধ ব্যৱসায় । ৰাজহ ফাঁকি দি তথা চালান বিহীনভাৱে শিল-বালিৰ সৈতে জড়িত থকা ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ বন বিভাগ । এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

অবৈধ শিল-বালি খনন কাৰ্যত জড়িতসকলক কঠোৰ সকীয়নি বনমন্ত্ৰীৰ

পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ চাৰিদুৱাৰৰ ধাৰিকাটিৰ "সাহিত্য মনীষী উপবন" উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নৈত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে শিল-বালিৰ খনন কাৰ্য চলাই থকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাই বনমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃ শিৱসাগৰৰ দিখৌ নৈত মৃতদেহ প্ৰত্যক্ষ

উল্লেখ্য যে, অসমৰ বিলুপ্তপ্ৰায় মূল্যবান গছসমূহ সংগ্ৰহ কৰি ৰাজ্যৰ ২৪ খন জিলাত উদ্যান নিৰ্মাণ কৰা হ'ব বুলিও অৱগত কৰে বনমন্ত্ৰীগৰাকীয়ে । আনহাতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতবৰ্ষৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়ক : চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.