ETV Bharat / state

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Jun 12, 2020, 8:22 PM IST

ইটিভি ভাৰতৰ সাংবাদিকৰে সৈতে এক আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ দিহিং পাটকাইক লৈ অসমত যি এক আন্দোলনমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে বনমন্ত্ৰী গৰাকীয়ে ৷

forest minister parimal suklabaidya exclusive interview with etv bharat

তেজপুৰ,12 জুনঃ দিহিং পাইকাইক লৈ অসমত যি এক আন্দোলনমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ ইটিভি ভাৰতৰ সাংবাদিকৰে সৈতে এক আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এই আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে,বৰ্ষাৰণ্যখনৰ চালেকি পি আৰ এফত 1973 চনৰ পৰা 2003 চনলৈ 30 বছৰৰ বাবে 58 হেক্টৰ মাটিত কয়লা খননৰ অনুমতি দিয়া হৈছিল ৷ ইয়াৰ পিচত পুনৰ এক আবেদনৰ পিচত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 10 বছৰৰ বাবে বৃদ্ধি কৰি 2023 চনলৈ 58 হেক্টৰৰ লগত আৰু 41 হেক্টৰ মাটি সংযোগ কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰে মুঠ 28 টা চুক্তিৰ ভিত্তিত অনুমতি প্ৰদান কৰিছিল যদিও, অসম চৰকাৰৰ বা বন বিভাগে কোনো জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ বাবে কাকো অনুমতি দিয়া নাই আৰু কৰিব নিদিয়ে |

কয়লা খননক লৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ৰাজহ ভূমিতহে খনৰৰ অনুমতি প্ৰদান কৰা হৈছিল অভয়াৰণ্যৰ মাটিত নহয় ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁলোকৰ চৰকাৰে খনন কাৰ্যৰ বাবে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই ৷ বিজেপিৰ চৰকাৰ অহাৰ পিচতে কোনো ধৰণৰ খনন কাৰ্য হোৱা নাই ৷ কিন্তু 2003 চনৰ পৰাই 58 হেক্টক মাটিত অবৈধভাৱে খনন কাৰ্য চলিছে বুলিও উল্লেখ কৰে বনমন্ত্ৰী গৰাকীয়ে ৷ বিজেপি চৰকাৰ থকালৈ কোনো বনাঞ্চল ধ্বংস কৰি খনন কৰিবলৈ দিয়া নহ'ব ৷ ইয়াৰ বাবে ইতিমধ্যে এখন বিভাগীয় কমিটি গঠন কৰা হৈছে পুংখানুপুংখ তদন্তৰ বাবে ৷ বনাঞ্চল ধ্বংস হ'ব পৰা কোনো কামেই কৰা নহ'ব ৷ দিহিং পাটকাইৰ চালেকি ৰেঞ্জকো ধ্বংসৰ কবলৰ পৰা যিকোনো প্ৰকাৰেই ৰক্ষা হ'ব ৷ কিয়নো এক সুন্দৰ পৰিৱেশ নিৰ্মাণৰ বাবে বিজেপি চৰকাৰে কাম কৰি আছে ৷ লগতে পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ বৃদ্ধি আৰু হ্ৰাসৰ বিষয়েও মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

ৰাজহ ভূমিতহে খনৰৰ অনুমতি প্ৰদান কৰা হৈছিল অভয়াৰণ্যৰ মাটিত নহয়

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই বন বিভাগৰ প্ৰায় এঘাৰশ ভিন্ন পদত সম্পূৰ্ণ অনিয়ম মুক্তভাৱে অসমৰ নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে ৷ বানপানীৰ মুকবিলা কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এইবাৰ বনবিভাগে ৩০০ খন দেশীয় নাও আৰু 21টা নতুন যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিছে ৷

অতি শীঘ্ৰেই বন বিভাগৰ প্ৰায় এঘাৰশ ভিন্ন পদত সম্পূৰ্ণ অনিয়ম মুক্তভাৱে অসমৰ নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব

লগতে পঢ়কঃ অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.