ETV Bharat / state

নিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বনধ্বংস যজ্ঞ চলি থকাৰ লগতে জীয়াভৰলী নদীত চলি আছে অবৈধ শিল বালি খনন কাৰ্য ৷ জীয়াভৰলী নদীখনত চলি থকা অবাধ খননৰ বাবেই লুপ্ত পাবলৈ ধৰিছে প্ৰাকৃতিক সৌন্দৰ্য্য। এই সমগ্ৰ ঘটনা বন বিভাগৰ জ্ঞাতেই চলি থকাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।

Forest destroyed at Sonitpur: action not taken by forest department
শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস কাৰ্য
author img

By

Published : Jun 2, 2020, 9:22 AM IST

ৰঙাপৰা, 2 জুন : দিহিং পাটকাই অভয়াৰণ্যৰ সমান্তৰালকৈ ধ্বংসৰ গৰাহত শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চল ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বনধ্বংস যজ্ঞ চলি থকাৰ লগতে জীয়াভৰলী নদীত চলি আছে অবৈধ শিল বালি খনন কাৰ্য ৷ জীয়াভৰলী নদীখনত চলি থকা অবাধ ধ্বংস আৰু খননৰ বাবেই লুপ্ত পাবলৈ ধৰিছে প্ৰাকৃতিক সৌন্দৰ্য। এই সমগ্ৰ ঘটনা বন বিভাগৰ জ্ঞাতেই চলি থকাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।

শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস কাৰ্যঃ নিৰ্বিকাৰ বন বিভাগ

উল্লেখ্য যে, ছাত্ৰ সন্থাৰ কৰ্মী সকলে কৰা অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চলি আছে বন ধ্বংসৰ ঘটনা ৷ লগতে অৰ্কমণ্য বন বিভাগটোৰ বাবেই দেওহাঁহ আৰু শিলঘৰীয়া মাছৰ বাবে বিখ্যাত জীয়া ভৰলী নদীখনত দীৰ্ঘদিনৰ পৰা চলি আছে খনন কাৰ্য । কেইটামান ধনৰ লোভত বন বিভাগে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি অহাৰ বাবেই নিশেষ হোৱাৰ পথত বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৷ চাৰিদুৱাৰ বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০ কিল'মিটাৰ নিলগত তথা ইক টাস্ক ফৰ্চৰ গাতে লাগি থকা ৰিহাজুলি গাওঁ আৰু ঢাৰিকাটি অঞ্চলৰ অন্তৰ্ভাগত জীয়া ভৰলী নদীৰ সমীপত অস্থায়ী শিৱিৰ পাতি একাংশ বনদস্যুৱে জে চি বি লগাই চলাই আহিছে অবাধ খনন। যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ গছ-গছনি ধ্বংসৰ লগতে এনেদৰে বৈধ খনন কাৰ্য চলি থাকিলে জীয়াভৰলী নদীখন অতি সোনকালে শিলগুটি বিহীন হৈ পৰিব বুলি উল্লেখ কৰি অতি সোনকালে বন বিভাগক এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই।

Forest destroyed at Sonitpur: action not taken by forest department
শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস কাৰ্য

অতি পৰিতাপৰ কথা যে, সমগ্ৰ ঘটনা সন্দৰ্ভত বন বিভাগক বাৰম্বাৰ অভিযোগ দি থকাৰ পিচতো আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই ৷ ফলত উপায়হীন হৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চল লগতে জীয়া ভৰলীৰ নদীৰ বিভিন্ন ঠাইত চলি অবৈধ খনন, বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক পুনৰ বাৰ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমী তথা ৰাইজৰ হৈ বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ক'ভিড-19 ৰোগী !

For All Latest Updates

TAGGED:

Rangapara
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.