ETV Bharat / state

Arunachal Mountaineer Missing: অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হোৱা দুই পৰ্বতাৰোহীক বিচাৰি পুনৰ অভিযান আৰম্ভ - অৰুণাচল প্ৰদেশ

2022 চনতে সন্ধানহীন হোৱা অৰুণাচল প্ৰদেশৰ দুই পৰ্বতাৰোহীক বিচাৰি পুনৰ আৰম্ভ কৰা হৈছে অভিযান ৷ অৰুণাচলৰ পূব কামেং জিলাৰ মাউণ্ট খ্যাৰী চাটাম পৰ্তব আৰোহন কৰিবলৈ গৈ সন্ধানহীন হৈছিল দুয়ো ৷ এইবাৰ 34 জনীয়া এটা দলে আৰম্ভ কৰিছে অভিযান ৷

Arunachal Mountaineer Missing
Arunachal Mountaineer Missing
author img

By

Published : Aug 5, 2023, 8:12 PM IST

তেজপুৰ, 5 আগষ্ট: অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী তাপী মৰা (Tapi Mra) আৰু নিকী ডাওৰ (Niki Dao) সন্ধানত এইবাৰ পুনৰ অভিযান আৰম্ভ কৰিছে এটি 34 জনীয়া উদ্ধাৰকাৰী দলে ৷ অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাৰ (Seppa) পৰা দুৰ্গম পৰ্বত আৰোহণৰ বাবে গৈ নিৰুদ্দেশ হৈ আছিল এই পৰ্বতাৰোহীদ্বয় ।

Arunachal Mountaineer Missing
সন্ধানহীন হোৱা স্থান

তাপী এগৰাকী মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰা সাহসী পৰ্বতাৰোহী আৰু তেওঁৰ সহযোগী আছিল নিকী ডাও । 2022 চনৰ আগষ্ট মাহত অৰুণাচলৰ পূব কামেং জিলাৰ মাউণ্ট খ্যাৰী চাটাম (Mount Khyarii Satam) পৰ্বতৰ শৃংগ আৰোহণ কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা তাপী মৰা আৰু নিকী ডাওৰ সন্ধানত এটা উদ্ধাৰকাৰী দলে শনিবাৰে যাত্ৰা আৰম্ভ কৰে ৷

Arunachal Mountaineer Missing
উদ্ধাৰকাৰী দল

উল্লেখ্য যে 2022 চনৰ ছেপ্টেম্বৰ মাহত দুয়োকে বিচাৰি সেনা আৰু স্থানীয় লোকৰ সহযোগিতাত উদ্ধাৰ অভিযান চলাইছিল যদিও প্ৰতিকূল বতৰৰ বাবে ৰাজ্য চৰকাৰে এই স্থল অভিযান বাতিল কৰে ৷ পৰৱৰ্তী পৰ্যায়ত পৰ্বতাৰোহী তাপী মৰাৰ পৰিয়ালৰ উদ্যোগত আন এগৰাকী এভাৰেষ্ট জয়ী টাগিট ছ’ৰাঙৰ নেতৃত্বত এটা দল গঠন কৰি পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় ৷

এই অভিযানত দুয়ো ব্যৱহাৰ কৰা কিছু সামগ্ৰী উদ্ধাৰ কৰা হয় ৷ সামগ্ৰী উদ্ধাৰৰ পাচতেই পৰিয়ালৰ লোকে দেখিছিল আশাৰ ৰেঙণি ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে এই উদ্ধাৰ অভিযানো আধাতে সামৰিব ল’গা হয় ৷

পুনৰ দুই পৰ্বতাৰোহীৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৃহস্পতিবাৰে টিচিএছৰ (Tagin Cultural Society) সাধাৰণ সম্পাদক টুটাৰ ডুলমৰ অধ্যক্ষতাত এখন সমন্বয় সভা অনুষ্ঠিত হয় ৷ এই সভাত 34 জনীয়া উদ্ধাৰকাৰী দলটোৰ সৈতে অভিযানৰ বিষয়ে আলোচনা কৰা হয় ৷ এই দলটোত আছে সন্ধানহীন দুই পৰ্বতাৰোহীৰ পৰিয়ালৰ সদস্যও ৷

আজি অৰ্থাৎ শনিবাৰে অঞ্চটোৰ অন্তিমখন গাঁও ভেওত উপস্থিত হ’ব অনুসন্ধানকাৰী দলটো ৷ 12 আগষ্টৰ সন্ধিয়া মাউণ্ট খ্যাৰী চাটামৰ বেছ কেম্পত উপস্থিত হোৱাৰ লক্ষ্য লৈছে দলটোৱে ৷ দলটোৱে দুটা নিশা বেছ কেম্পত অৱস্থান কৰি বতৰ ভাল হ’লে 14 আগষ্টৰ পৰা খ্যাৰী চাটামৰ ফালে যাত্ৰা আৰম্ভ কৰিব ৷

লগতে, 12 আগষ্টত বতৰ ফৰকাল হ’লে কিছু কাৰিকৰী সঁজুলি আৰু বিশেষজ্ঞক হেলিকপ্টাৰৰ সহায়ত বেছ কেম্পলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Manipur violence history: মণিপুৰৰ জাতিগত হিংসাৰ আঁৰত কোন; বিশ্লেষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.