ETV Bharat / state

তেজপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি

শোণিতপুৰ জিলাৰ ৩ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৪ খনকৈ গাঁও বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত ৷ ব্ৰহ্মপুত্ৰৰ পানীয়ে তেজপুৰত নতুনকৈ জাহাজ ঘাট ,কেঁকুৰা প'ল আদি চহৰৰ কাষৰীয়া অঞ্চল প্লাবিত কৰিছে । তেজপুৰ বিহগুৰি ,বাঁহবাৰী, দ বেচেৰীয়া,ৰঙা মাটি,নিজ বিহগুৰি,ব্ৰডুবিয়া,জাকৰা চুবুৰী,পিঠাখুৱা,পুথি মাৰি আৰু জাৰণি অঞ্চলো বৰ্তমান জলামগ্ন ।

author img

By

Published : Jul 13, 2020, 4:18 PM IST

Updated : Jul 13, 2020, 6:25 PM IST

Floods in Tezpur
শোণিতপুৰ

তেজপুৰ,১৩ জুলাই : ৰাজ্যখনৰ বান পৰিস্থিতি ঠায়ে ঠায়ে কিছু উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। কেইবাদিনে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নৈ-উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত সৃষ্টি হৈছে বান প্ৰলয়ৰ ৷ শেহতীয়া তথ্য অনুসৰি শোণিতপুৰ জিলাটো বান পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে ৷ সোমবাৰে তেজপুৰৰ ডিপোতা নৈৰ বাঢ়নী পানীত উটি যায় বিন্দুকুৰিৰ অন্তৰ্গত ভোলা ৰায় (৬৭) নামৰ এজন লোক ৷ ব্যক্তিজন এফ চি আই টিত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ দুৰ্যোগ প্রশমন বিভাগে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ভোলা ৰায় সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ।

শোণিতপুৰ

লগতে পঢ়কঃ গোৱালপাৰাত প্লাষ্টিকৰ আটাক লৈ চিন্তিত গ্ৰাহক!

শোণিতপুৰ জিলাৰ ৩ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৪ খনকৈ গাঁও বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত ৷ ব্ৰহ্মপুত্ৰৰ পানীয়ে তেজপুৰত নতুনকৈ জাহাজ ঘাট ,কেঁকুৰা প'ল আদি চহৰৰ কাষৰীয়া অঞ্চল প্লাবিত কৰিছে । তেজপুৰ বিহগুৰি,বাঁহবাৰী,দ বেচেৰীয়া,ৰঙা মাটি,নিজ বিহগুৰি,ব্ৰডুবিয়া,জাকৰা চুবুৰী,পিঠাখুৱা, পুথি মাৰি আৰু জাৰণি অঞ্চলো বৰ্তমান জলামগ্ন ।

Floods in Tezpur
শোণিতপুৰ

আনহাতে তেজপুৰ গণেশ ঘাটত ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰি ৬৫.২৩ মিটাৰৰ পৰিৱৰ্তে ৬৬.৫১ মিটাৰলৈকে বৈ আছে । জিলাখনৰ ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়া ভৰলীও বিপদসীমা অতিক্ৰম কৰি ৭৩.৫০ ৰ পৰিৱৰ্তে ৭৩.৭২ মিটাৰলৈ বৈছে ৷ সামন্তৰালকৈ জিলাখনত বেলশিৰী ৬৩.৬৯ , গাভৰু ৬৮.৯৮ , ডিপোটা নদী ৬৪.৭২ মিটাৰ ওপৰেৰে বৈ আছে ৷ তেজপুৰত সোমবাৰে বৰষুণৰ পৰিমাণ ০.৪ মিলি মিটাৰ বুলি জানিব পৰা গৈছে।

বিগত কেইবাদিনৰ পৰা হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চল জলামগ্ন হৈ পৰিছে । এই সময়ছোৱাত পাহাৰীয়া ৰাজ্যখনৰ চিয়াং আৰু চিবু কৰং নদীয়ে ভয়ংকৰ ৰূপ লৈছে ৷ ফলস্বৰূপে পাচিঘাটৰ অন্তৰ্গত 3 টা ৰাজহ চক্ৰৰ 28 খনকৈ গাঁও বৰ্তমান পানীৰ কবলত ৷ আনহাতে,অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত ৭ জনকৈ লোক নিহত বুলি জানিব পৰা গৈছে ।

Last Updated : Jul 13, 2020, 6:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.