ETV Bharat / state

First Medium Range Surface to Air Missile: ইষ্টাৰ্ণ কমাণ্ডত সংযোগ সেনাৰ প্ৰথমটো মধ্যম ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল ৰেজিমেণ্ট

author img

By

Published : Feb 23, 2023, 10:39 PM IST

ইষ্টাৰ্ণ কমাণ্ডত সংযোগ ভাৰতীয় সেনাৰ প্ৰথমটো মধ্যম ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল ৰেজিমেণ্টৰ (First Medium Range Surface to Air Missile Regiment being raised in Eastern Theatre) ৷ প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাতে প্ৰকাশ কৰে এই তথ্য ।

First Medium Range Surface to Air Missile
ইষ্টাৰ্ণ কমাণ্ডত সংযোগ সেনাৰ প্ৰথমটো মধ্যম ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল ৰেজিমেণ্ট

তেজপুৰ, ২৩ ফেব্ৰুৱাৰী: প্ৰথমবাৰৰ বাবে উত্তৰ সীমান্তত ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা আৰু সামৰ্থ বিকাশৰ এক উল্লেখযোগ্য সংযোজন হিচাপে ইষ্টাৰ্ণ থিয়েটাৰত প্ৰথমটো মধ্যম পৰিসৰৰ ছাৰ্ফেচ টু এয়াৰ মিছাইল (এম আৰ এছ এ এম) ৰেজিমেণ্টক গঢ়ি তোলা হৈছে (First Medium Range Surface to Air Missile Regiment) । এই তথ্য সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ গুৱাহাটীৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাতে (Defence spokesperson Mahendra Rawat) ।

লেফটেনেন্ট কৰ্ণেল ৰাৱাতে কয় যে, ৰেজিমেণ্টটোত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ (ডি আৰ ডি অ’)ৰ দ্বাৰা থলুৱাভাৱে প্ৰস্তুত কৰা এম আৰ এছ এ এম অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত কৰা হৈছে (MRSAM Weapon System indigenously developed) । এমআৰএছএএম অস্ত্ৰ ব্যৱস্থা যাক ‘আভ্ৰা’ অস্ত্ৰ ব্যৱস্থা বুলিও কোৱা হয় ৷ সেয়া হৈছে অত্যাধুনিক মধ্যম দূৰত্বৰ বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থা আৰু ভাৰতীয় ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিৰক্ষা উদ্যোগৰ সক্ৰিয় অংশগ্ৰহণেৰে ডিআৰডিঅ’ আৰু ইজৰাইলী মহাকাশ উদ্যোগ (আই এ আই)ৰ যৌথ উদ্যোগত এমএছএমইকে, ইয়াৰ অংশীদাৰ ।

এমআৰএছএএম ৰেজিমেণ্টলৈ প্ৰথম ভ্ৰমণৰ সময়ত পিভিএছএম, ইউৱাইএছএম, এভিএছএম, এছএম, ভিএছএম, জিঅ‘চি ইনচি, ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা (LT Gen Rana Pratap Kalita), কয় যে, প্ৰতিৰক্ষা খণ্ডত থলুৱাকৰণৰ দিশত এনে বৃহৎ সংযোজন হোৱাৰ লগে লগে "আত্মনিৰ্ভৰ ভাৰত"ৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখি প্ৰতিৰক্ষা উৎপাদনৰে ভাৰতবৰ্ষ অতি সোনকালে স্বাৱলম্বী হ’ব ৷

ইয়াৰ মূল উপাদানসমূহ হৈছে- যুদ্ধ বিমান, ইউএভি, হেলিকপ্টাৰ, চাব আৰু ছুপাৰছনিক মিছাইলৰ দৰে আকাশী লক্ষ্যৰ বিশাল এৰেৰ বিৰুদ্ধে বায়ু প্ৰতিৰক্ষা প্ৰদান কৰে একেলগে একাধিক লক্ষ্যত নিয়োজিত কৰিব পৰা থলুৱাভাৱে বিকশিত অত্যাধুনিক ব্যৱস্থা প্ৰদান কৰা ।

লগতে পঢ়ক: Addiction Treatment Facilities in Tezpur: তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত এটিএফ কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.