চতিয়া,১৮ জুন: চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ কেৱাৰী চুক গাঁৱৰ শান্তি বৰাৰ(১৮) দেহত কভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে ৷ বৃহস্পতিবাৰে প্ৰশাসনে অগ্নি নিৰ্বাপক বাহিনীৰ জৰিয়তে কেৱাৰীচুক গাঁওখন চেনিটাৰাইজ কৰে ৷ লগতে শান্তি বৰাৰ সংস্পৰ্শলৈ অহা ১৫ গৰাকী লোকৰো স্বাৱ সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বকোত জব্দ তিনিখনকৈ কাঠভৰ্তি মিনি ট্ৰাক
উল্লেখ্য যে, ১ জুনত নয়দাৰ পৰা জেষ্ঠ ভগ্নী আৰু এগৰাকী বান্ধৱীৰ লগত ৰে'লৰে ঘৰলৈ আহিছিল শান্তি বৰা ৷ প্ৰথম স্ৱাৱ পৰীক্ষাৰ ফলাফল কৰ'ণা নিগেটিভ অহা বাবে শান্তি বৰাক হোম কোৱাৰেনটাইনত থকাৰ নিৰ্দেশ দিছিল স্বাস্থ্যবিভাগে ৷ আনহাতে, শান্তি বৰাৰ লগত একেলগে অহা বান্ধৱীগৰাকীৰ কৰ'ণা পৰীক্ষাৰ ফলাফল পজিটিভ অহাত শান্তি বৰাৰো দ্বিতীয়বাৰ স্বাৱ পৰীক্ষা কৰোৱা হয় ৷
বুধবাৰে নিশা শান্তি বৰাৰ কৰ'ণা ফলাফল পজিটিভ অহাৰ পাছত নাগশংকৰ হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা শান্তি বৰাক নিশাই বিশ্বনাথৰ কভিদ হাস্পতালত ভৰ্তি কৰায় স্বাস্থ্যবিভাগে ৷