ETV Bharat / state

অসাৱধানবশতঃ গুলিবিদ্ধ হৈ আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান - পিষ্টল

বৃহস্পতিবাৰে তেজপুৰ আৰক্ষীত চাৰ্ভিচ পিষ্টল চাফা কৰি থাকোতে ট্ৰিগাৰত আঙুলি লগাত পিষ্টলৰ গুলিত আহত হয় দুই আৰক্ষী জোৱান । আঘাতপ্ৰাপ্ত দুয়োকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান দুয়ো সংকটমুক্ত ৷

tezpur firing
তেজপুৰত গুলিবিদ্ধ আৰক্ষী জোৱান
author img

By

Published : Dec 31, 2020, 1:46 PM IST

Updated : Dec 31, 2020, 7:55 PM IST

তেজপুৰ,31 ডিচেম্বৰ : বছৰৰ শেষৰটো দিনত অৰ্থাৎ বৃহস্পতিবাৰে তেজপুৰ আৰক্ষীত সংঘটিত হৈছে এক অঘটন । অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চাৰ্ভিচ পিষ্টলৰ গুলিত আহত দুই আৰক্ষীৰ জোৱান ।

ঘটনা অনুসৰি, নিয়মীয়া ফায়াৰিং অনুশীলনত অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাৰ চাৰ্ভিচ পিষ্টলটো চাফা কৰি আছিল হাবিলদাৰ হিমু বৰা আৰু আৰক্ষী জোৱান বুধেশ্বৰ বড়োৱে । চাফা কৰি থকা অৱস্থাত পিষ্টলৰ মেগজিন খুলি নোলোৱাৰ বাবেই অসৱধানবশতঃ ট্ৰিগাৰত আঙুলি লগাত পিষ্টলৰ গুলিত আহত হয় দুই আৰক্ষী জোৱান ।

তেজপুৰত গুলিবিদ্ধ আৰক্ষী জোৱান

হাবিলদাৰ হিমু বৰাই সোঁহাতত আৰু জোৱান বুধেশ্বৰ বড়োৱে বাওঁহাত আৰু কঁকালৰ তলত গুলিবিদ্ধ হয় । আহত দুয়োজনকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান দুয়োজন সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ফায়াৰিং ৰেঞ্জত অঘটন সংঘটিত কৰা পিষ্টলটোৰ পৰা জীৱন্ত গুলিসমূহ নিজৰ জিম্মাত নাৰাখি দায়িত্বশীল আৰক্ষী বিষয়াজনে কিয় জোৱানক গুলিভৰ্তি ৰিভলভাৰ চাফা কৰিবলৈ দিছিল সেয়াহে বিচাৰ্যৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : যৌতুক দাবীৰে পত্নীৰ ওপৰত নিৰ্যাতনৰ অভিযোগ

Last Updated : Dec 31, 2020, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.