ETV Bharat / state

মিছামাৰীত ভয়াৱহ অগ্নিকাণ্ড - শোণিতপুৰ জিলা

জুইত ভষ্মীভূত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ ৷ ঘটনাস্থলীত পলমকৈ উপস্থিত অগ্নিনিৰ্বাপক বাহিনী ৷ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷

etv bharat
author img

By

Published : Aug 9, 2019, 11:34 PM IST

ৰঙাপৰা, 9 আগষ্টঃ শোণিতপুৰ জিলাৰ মিছামাৰীত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । নিশা প্ৰায় ৮ বজাত মিছামাৰীৰ ২ নং ধানমৰাৰ তুৰিবস্তিৰ নিৱাসী জহুৰউদ্দিন আনচাৰী নামৰ ব্যক্তিগৰাকীৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । স্থানীয় ৰাইজে জুই প্ৰশমনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত লোকগৰাকীৰ বাসগৃহলৈও বিয়পি পৰে জুই৷ অৱশেষত, মিছামাৰী সেনা ছাউনীৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ পৰে ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে জহুৰউদ্দিন আনচাৰীৰ বাসগৃহ ৷

মিছামাৰীৰ অগ্নিকাণ্ডত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ

ইফালে, অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় মিছামাৰী আৰক্ষী৷

Intro:মিছামাৰীত ভয়াৱহ অগ্নিকাণ্ডঃ ভস্মীভূত হল এখন দোকান আৰু বাসগৃহBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীত আজি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ৮ মান বজাত মিছামাৰীৰ ২ নং ধানমৰাৰ তুৰিবস্তিৰ নিৱাসী জহুৰউদ্দিন আনচাৰীৰ দোকানখনত প্ৰথমতে অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাই জহুৰউদ্দিন আনচাৰীৰ গেলামাল-কম্পিউটাৰ দোকানখনৰ লগতে বাসগৃহটো সম্পূৰ্ণ ভাৱে ভস্মীভূত হয়। অগ্নিকাণ্ডত দোকান আৰু বাসগৃহৰ ভিতৰত থকা সকলো সা-সম্পত্তি জুইত জাহ যায়।ইফালে, মিছামাৰীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও সময়ত গাড়ী উপস্থিত নোহোৱাত ৰাইজ উত্তেজিত হৈ পৰে। মিছামাৰী সেনা ছাউনীৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত উত্তেজিত ৰাইজে গাড়ীখন ভাঙিবলৈ উদ্যত হয়। পাছত মিছামাৰীৰ আৰক্ষী থানাৰ তৎপৰতাত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীখন ৰক্ষা পৰে। মিছামাৰী সেনা ছাউনীৰ পৰা অহা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.