ETV Bharat / state

filariasis awareness drive: ৰঙাপৰাত ফাইলেৰিয়া ৰোগ সন্দৰ্ভত সজাগতা অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:04 PM IST

ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত ফাইলেৰিয়া ৰোগৰ সজাগতা অনুষ্ঠান ৷ আক্ৰান্তসকলৰ মাজত প্ৰতিষেধক আৰম্ভ ।

Filaria disease awareness program in Rangapara
ফাইলেৰিয়া ৰোগৰ সজাগতা অনুষ্ঠান
ফাইলেৰিয়া ৰোগৰ সজাগতা অনুষ্ঠান

ৰঙাপৰা, 31 আগষ্ট : শোণিতপুৰৰ ৰঙাপৰাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ফাইলেৰিয়া ৰোগীৰ সংখ্যা । বিশেষকৈ ৰঙাপৰাৰ নাহৰণি আৰু হাতীবাৰী চাহ বাগিচাত ফাইলেৰিয়া ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাত সষ্টম হৈছে শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগ । ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত ফাইলেৰিয়া বা গোধা ৰোগ নিৰ্মূল কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে সজাগতা সভা আৰু ৰোগীসকলক প্ৰতিষেধক ঔষধ খোৱাৰ ব্যৱস্থা কৰে । সজাগতা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । অনুষ্ঠানত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কেন্দ্ৰীয় পৰ্যবেক্ষক ডাঃ প্ৰণৱ জ্যোতি ভূঞা, শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদ, জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ ৰফিকুল ইছলাম, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ডিলিৰাম অধিকাৰী, নাহৰণি চাহ বাগিচাৰ পৰিচালক জয়ন্ত শৰ্মাকে ধৰি কেইবাজনো অতিথি উপস্থিত থাকে ।

উল্লেখ্য যে, আজিৰে পৰা ৯ ছেপ্টেম্বৰলৈকে এই ৰোগ নিৰাময়ৰ বাবে ৫ টা ব্লকৰ ১৫ টা বুথত প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে । মুঠ ১,১৪,৮০৪ জনৰ ভিতৰত ১ লাখ ১৪ হাজাৰ লোকক এই প্ৰতিষেধক প্ৰদান কৰা হ’ব । স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি নাহৰণি চাহ বাগিচাত ১৬ জন আৰু হাতীবাৰী চাহ বাগিচাত ৩৩ জন ব্যক্তি গোধা ৰোগত আক্ৰান্ত হৈছে । এই ৰোগৰ পৰা নিৰাময় হৈ থকাৰ বাবে ৰাইজক ঔষধ সেৱন কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনায় ।

ইফালে স্বাস্থ্য বিভাগে বয়সস্থ লোক, ২ বছৰৰ তলৰ কিশোৰ-কিশোৰী, গৰ্ভৱতী মহিলাৰ লগতে পেটৰ অসুখত ভুগি থকা লোকক এই প্ৰতিষেধক প্ৰদান নকৰাৰ কথা সজাগতা সভাত সদৰী কৰে । এই ৰোগ মহৰ পৰা বিয়পে আৰু তেজত মিহলি হৈ পেলুৰ সৃষ্টি কৰে । মহে কামোৰা অংশত দীঘলীয়াকৈ ৰঙা দাগ পৰে আৰু সেই অংশ ফুলি উঠে । ইয়াৰ পিচত ৰোগীজনৰ ভৰিখন ফুলিবলৈ ধৰে ।

সাধাৰণতে মহে কামোৰা ফলত এজন লোকৰ পৰা আন এজন লোকলৈ গোধা ৰোগটো সংক্ৰমিত হয় । জিলা স্বাস্থ্য বিভাগে তিনিদিন ৰঙাপৰা ব্লকৰ অধীনত ১৫ টা বুথত এই প্ৰতিষেধক প্ৰদান কৰি দ্বিতীয় পৰ্য্যায়ত ঘৰে ঘৰে আশাকৰ্মী আৰু অংগনাবাড়ী কৰ্মীসকলে গৈ প্ৰদান কৰিব ।

লগতে পঢ়ক : Anti filaria medicines:বিশ্বনাথত ফাইলেৰিয়া (গোধা) নিৰ্মূল অভিযানৰ ঔষধ খাই ছাত্র-ছাত্ৰী অসুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.