ETV Bharat / state

পুনৰ বড়ো ভূমিত চৰকাৰৰ প্ৰতি অসন্তুষ্টি: বঞ্চিত হৈছে নেকি NDFB ? - Bodo Accord

বিটিআৰ চুক্তিত স্বাক্ষৰ কৰা বিষয় সমূহ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ কৰি ৰাজ্য চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড(NDFB)ৰ প্ৰাক্তন সদস্য সকলৰ । ৰঞ্জন দৈমাৰীক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে বিভিন্ন গোচৰত বিচাৰাধীন হৈ থকা কেডাৰসকলৰ ওপৰত থকা গোচৰসমূহ খাৰিজ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁলোকে চৰকাৰক আহ্বান জনায় ৷

ex ndfb extrimists are unhappy with goverment
পুনৰ বড়ো ভূমিত চৰকাৰৰ প্ৰতি অসন্তুষ্টি, বঞ্চিত হৈছে নেকি NDFB ?
author img

By

Published : Jul 25, 2021, 12:55 PM IST

তেজপুৰ, 25 জুলাই : ৰাজ্য চৰকাৰৰ স্থিতিত অসন্তুষ্ট নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড (NDFB)ৰ প্ৰাক্তন সদস্য সকলৰ । এই অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকে ৰাজ্য চৰকাৰক শীঘ্ৰেই সকলো প্ৰাক্তন এনডিএফবি সদস্যৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷ বিটিআৰ চুক্তিত স্বাক্ষৰ কৰা বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ কৰিলে প্ৰাক্তন এনডিএফবি সদস্য সকলে ।

এনডিএফবি(পি)(National democratic front of bodoland progressive)ৰ প্ৰাক্তন সদস্য কমল বাসুমতাৰী ওৰফে বি খাকলাৰীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত নিজৰ বক্তব্য ৰাখিছে ৷ তেওঁ কয় যে, এতিয়াও চুক্তি অনুসৰি প্ৰাপ্য সকলো অধিকাৰ আৰু সুবিধা যেনে- সামৰিক আৰু অসামৰিক চাকৰিত নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে কেডাৰসকল । ফলস্বৰূপে বৰ্তমান অনাহাৰত দিন কটাইছে তেওঁলোকে ৷

ex ndfb extrimists are unhappy with goverment
NDFB ৰ কেডাৰ

তেওঁ পুনৰ কয় যে, চুক্তিৰ পিছত তেওঁলোকৰ হাতত এটা পইচাও হস্তান্তৰ কৰা হোৱা নাই । যিহেতু যোৱাটো বছৰৰ জানুৱাৰীত প্ৰতিজন সদস্যক দিয়া চাৰি লাখ টকা ফিক্সড ডিপজিটত আছিল সেইয়া তেওঁলোকে এতিয়ালৈকে ব্যৱহাৰ কৰিব পৰা নাই । ইফালে, চলিত বছৰৰ মাহিলী বৃত্তিও এতিয়াও দিয়া হোৱা নাই অভিযোগ কৰে কমল বাসুমতাৰীয়ে ।

চৰকাৰৰ লগত শান্তি চুক্তি হোৱাৰ পিছৰেপৰা বিটিআৰৰ (BTR) আৰু ইয়াৰ বাহিৰৰ প্ৰাক্তন এনডিএফবি সদস্যসকলক চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰাত বৰ্তমান পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা ক্ষোভ প্ৰকাশ কৰিছে এনডিএফবিৰ একালৰ শীৰ্ষ নেতাসকলেও ৷ চৰকাৰৰ সদিচ্ছা দেখুৱাই এনডিএফবি সদস্যসকলক কোনোধৰণৰ সাক্ষাৎকাৰ নোলোৱাকৈ চাকৰিত মকৰল কৰাৰ দাবী জনায় ৷ ৰঞ্জন দৈমাৰীক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে বিভিন্ন গোচৰত বিচাৰাধীন হৈ থকা কেডাৰসকলৰ ওপৰত থকা গোচৰসমূহ খাৰিজ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁলোকে চৰকাৰক আহ্বান জনায় ৷

NDFB ৰ বিষয়া সহ কেডাৰ

উল্লেখযোগ্য যে, 2020 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত থকা তদানীন্তন বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ লগত বড়ো চুক্তি (Bodo Accord) স্বাক্ষৰ হৈছিল ৷ ইয়াৰ পাচতে চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (union home minister Amit Shah) তেওঁৰ অসম ভ্ৰমণৰ সময়ত বিটিআৰ চুক্তিৰ ধাৰাসমূহ ৰূপায়ণৰ (implementation of clauses of BTR accord) ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ বিটিআৰ চুক্তিৰ আধাৰত উগ্ৰপন্থী সংগঠনটোৰ চাৰিটা ভাগত বিভক্ত গোটে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহিছিল ৷

উক্ত চুক্তিত উল্লেখ থকা মতে, এনডিএফবিৰ আত্মসমৰ্পণ কৰা প্ৰায় 1500 সদস্যই কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ অধীনত সংস্থাপন লাভ কৰিব তথা বড়ো আন্দোলন (Bodo agitation)ত মৃত্যু হোৱা পৰিয়ালসমূহৰ লোকক চৰকাৰে 5 লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰিব । এই চুক্তিখনৰ বাবেই বড়ো ভূমিত প্ৰমোদ বড়োৰ নেতৃত্বত নতুন পৰিষদ গঠন হোৱাৰ লগতে, বিধান সভা নিৰ্বাচনতো বিজেপিয়ে চৰকাৰ গঠন কৰাত যথেষ্ট সুবিধা লাভ কৰে । কিন্ত, নতুন চৰকাৰৰ দুইমাহ পাৰ হোৱাৰ পাচতো এই চুক্তিৰ আধাৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া এনডিএফবিৰ প্ৰাক্তন কেডাৰসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : অলিম্পিকলৈ কোন গৈছে মুখ্যমন্ত্ৰী আৰু বিমল বৰা নে লাভলীনা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.