ETV Bharat / state

Eviction drive in Burhachapori: তিনি দিন ধৰি চলা উচ্ছেদ অভিযানত বেদখলমুক্ত কৰা হ’ল ২০৯৯ হেক্টৰ ভূমি - বুঢ়াচাপৰি অভয়াৰণ্য

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত চলা তিনিদিনীয়া উচ্ছেদ অভিযানৰ আজি সামৰণি পৰে (Eviction drive in Burhachapori) ৷ প্ৰশাসনৰ তথ্য মতে মুঠ ২০৯৯ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয় এই অভিযানত ৷ ইয়াৰ ভিতৰত আছে বনভূমি আৰু চৰকাৰী খাছ ভূমি ৷ উচ্ছেদক লৈ বিভিন্ন পক্ষই বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷

Eviction drive in Burhachapori
বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ অভিযান
author img

By

Published : Feb 16, 2023, 10:31 PM IST

তেজপুৰ, ১৬ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বনাঞ্চলত উচ্ছেদ অভিযানৰ বৃহস্পতিবাৰে তৃতীয় দিন । যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ যৌথ অভিযানত অবৈধভাৱে বসতি স্থাপন কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হয় বনাঞ্চলখনত । তৃতীয় দিনৰ উচ্ছেদ অভিযানস্থলীত কংগ্ৰেছ দলৰ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা উপস্থিত হৈ এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ চেষ্টা কৰে (Sonitpur Burhachapori Eviction) ।

বিধায়ক হুদাই চিতলমাৰিত উচ্ছেদ চলি থকা সময়ত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । তেওঁ উক্ত স্থানত কোনো দণ্ডাধীশ উপস্থিত নোহোৱাকৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসনক দোষাৰোপ কৰে আৰু ইয়াৰ ফলত কিছুসময় উচ্ছেদ স্থগিত ৰাখিব লগীয়া হয় ৷ পৰৱৰ্তী সময়ত প্ৰশাসনে অভিযান অব্যাহত ৰাখে (Eviction drive against encroachment) ৷

উল্লেখযোগ্য যে, বুঢ়াচাপৰিত মুঠ ২৫১৩ টা ঘৰ তথা ১১,৬১০ জন লোকৰ বেদখলৰ কৱলত আছিল ১৮৯২ হেক্টৰ ভূমি । শিয়ালীত ১৫ ফেব্ৰুৱাৰীত উচ্ছেদ কৰা হয় মাত্ৰ ৮০ হেক্টৰ ভূমিত ২৫৫ টা ঘৰ আৰু ১২১০ টা পৰিয়ালক ৷ ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে অভয়াৰণ্যখনৰ শিয়ালী বনভূমিৰ অন্তৰ্গত ১ নং, ২ নং আৰু ৩ নং চিতলমাৰি অঞ্চলত উচ্ছেদ চলায় ২৮৫ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয় । শিয়ালীত মুঠ ৩৬৫ হেক্টৰ ভূমিত ৬১৭ টা ঘৰত মুঠ ২৪৬৮ জন লোক আছিল বুলি প্ৰশাসনে জনায় (encroachment in Burhachapori wildlife sanctuary) ।

তিনিদিনীয়াকৈ এই উচ্ছেদ অভিযান ১৪-১৫ ফেব্ৰুৱাৰীলৈকে শান্তিপূৰ্ণভাৱে চলি থকাৰ অন্তত শেষৰ দিনটোত ৰূপহীহাটৰ বিধায়ক উপস্থিত হোৱাৰ পিচত উচ্ছেদিত সকলে এক প্ৰতিবাদ সাব্যস্ত কৰে । ইতিমধ্যে তেজপুৰৰ মহাভৈৰব সাৰ্বজনীন কৃষক পাম সমিতিয়ে ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই উচ্ছেদ অহা ৩ মাৰ্চলৈ স্থগিত ৰাখিবলৈ লেখ আবেদন দাখিল কৰিছিল । তেওঁলোকে কাৰণ দৰ্শাইছিল যে, উক্ত স্থানত থকা কৃষিজাত সামগ্ৰী সমূহ অনিষ্ট হ’ব এই সময়ছোৱাত (Eviction drive in Burhachapori) ।

আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনে আজি উচ্ছেদিত এলেকা সম্পৰ্কে প্ৰকাশ কৰা তথ্য মতে মুঠ ২০৯৯ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে ৷ ইয়াৰে ১২৮২ হেক্টৰ বনভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী খাছ ভূমি ৷ বুঢ়াচাপৰিত মুঠত ২৫৫৩ টা গৃহ আৰু ১২৭৬৫ গৰাকী বেদখলকাৰীক উচ্ছেদ কৰা বুলি প্ৰশাসনৰ তথ্যত প্ৰকাশ ৷

উল্লেখযোগ্য যে, জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পৰাই শোণিতপুৰ জিলাৰ বন বিভাগৰ অধীনত আছিল ৷ পৰৱৰ্তী সময়ত এক গেজেট নটিফিকেচনৰ জৰিয়তে ১৯৯৫ চনৰ ১১ জুলাইত এই সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় (Burhachapori wildlife sanctuary) । কিন্তু ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশ যোগে নগাঁও জিলা বন্যপ্ৰাণী মণ্ডলৰ অধীনলৈ যায় লাওখোৱা অংশ । কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনত আৰু তেজপুৰ বিধানসভা অন্তৰ্গত ।

লগতে পঢ়ক: Laokhowa Burachapori eviction : লাওখোৱাত উচ্ছেদ অভিযানত বাধা প্ৰদান কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.