ETV Bharat / state

58 বছৰ পিছত ভাৰত-চীন যুদ্ধস্থলীত ছুবেদাৰ কোঁৱৰ সিং টাকুলি

author img

By

Published : Dec 8, 2020, 4:52 PM IST

Updated : Dec 9, 2020, 4:08 PM IST

১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ সময়ত কুমাওঁ ৰেজিমেন্টৰ জোৱান আছিল কোঁৱৰ সিং টাকুলি ৷ টাকুলিয়ে কয়, প্ৰায় এমাহ চীনা সৈন্যক বাধা প্ৰদান কৰি আহিছিল ভাৰতীয় সৈন্যই ৷ কিন্তু বৰ্তমানৰ দৰে উন্নত অস্ত্ৰৰ অভাৱত পৰৱৰ্তী সময়ত চীনক বাধা দিবলৈ অসমৰ্থ হয় ভাৰতীয় সৈন্যই ৷

As_Tezpur_etv-bharat-exclusive-interview-with-kuwar-sing-tangkuli_vis_7203907
ভাৰত-চীন যুদ্ধৰ 58 বছৰ পিছত যুদ্ধস্থলীত ছুবেদাৰ (অনাৰি কেপ্তেইন) কোঁৱৰ সিং টাকুলি

তেজপুৰ,8 ডিচেম্বৰঃ ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ 58 বছৰ পিছত যুদ্ধস্থলীত উপস্থিত হৈ অতীত ৰোমন্থন ভাৰত মাতৃৰ এগৰাকী বীৰ যোদ্ধাৰ ৷ ১৯৬২ চনৰ চীনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈও নিজৰ সতীৰ্থ জোৱানক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল উত্তৰাখণ্ডৰ বীৰ যোদ্ধা ছুৱেদৰ (অনাৰি কেপ্তেইন) কোঁৱৰ সিং টাকুলিয়ে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সক্ষাৎকাৰত 80 বৰ্ষীয় এই বীৰ যোদ্ধাগৰাকীয়ে 58 বছৰ পূৰ্বৰ যুদ্ধৰ স্মৃতি সোঁৱৰে ৷

উল্লেখ্য যে, ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ সময়ত কুমাওঁ ৰেজিমেন্টৰ জোৱান আছিল ছুবেদাৰ (অনাৰি কেপ্তেইন) কোঁৱৰ সিং টাকুলি ৷ যেতিয়াই চীনা সৈন্যই পশ্চিম অৰুণাচল প্ৰদেশৰ নামকাচু আক্ৰমণ কৰি অসম ৰাইফলছক ধৰাসায়ী কৰি টাৱাঙৰ কামেং চেক্টৰত প্ৰৱেশ কৰিছিল, সেই সময়তেই পূৱ অৰুণাচল প্ৰদেশ সীমান্তত বৃহৎ সংখ্যক চীনা সৈন্য মোতায়ন কৰা হৈছিল ৷ টাকুলিয়ে কয়, প্ৰায় এমাহ চীনা সৈন্যক বাধা প্ৰদান কৰি আহিছিল ভাৰতীয় সৈন্যই ৷ কিন্তু বৰ্তমানৰ দৰে উন্নত অস্ত্ৰৰ অভাৱত পৰৱৰ্তী সময়ত চীনক বাধা দিবলৈ অসমৰ্থ হয় ভাৰতীয় সৈন্যই ৷

তেখেতে কয় যে, প্ৰায় 2,000 চীনা সৈন্যই কিবিথো পোষ্টত আগুৰি ধৰা সময়তেই ক্ষত বিক্ষত শৰীৰেৰে তেখেত অকলশৰীয়া হৈ পৰিছিল ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ তেজুৰ পৰা সেই স্থানত উপস্থিত হ’বলৈ 100 দিনৰ প্ৰয়োজন হৈছিল ৷ ইয়াৰ উপৰিও তৃতীয় কৰ্পছৰ জি.অ.চি লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাক লৈয়ো আপ্লুত হৈ পৰে কোঁৱৰ সিং টাকুলি ৷

লগতে পঢ়ক-ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Last Updated : Dec 9, 2020, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.