ETV Bharat / state

Assam flood Situation : ৰঙাপৰাত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

author img

By

Published : Jul 22, 2023, 1:34 PM IST

ৰঙাপৰাত জৰাসৰ নৈৰ ব্যাপক গৰাখহনীয়া ৷ খহনীয়াত জাহ গ’ল ৰাইজৰ ভূমি । ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান ৷

Erosion of jarasar river at Rangapara in Sonitpur
ৰঙাপৰাত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া
ৰঙাপৰাত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

শোণিতপুৰ, 22 জুলাই : চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা জৰাসৰ নৈৰ গৰাখহনীয়াই চৰম ভাবুকি কঢ়িয়াই আনিছে শোণিতপুৰ জিলাৰ এখন গাঁৱলৈ । কেইবাশ বিঘা মাটি জাহ গ’ল জৰাসৰ নদীৰ গৰাখহনীয়াত । জৰাসৰ নৈৰ বুকুত গঞা ৰাইজৰ ম্যাদী পট্টাৰ ভূমি জাহ যায় বুলিও ভুক্তভোগী লোকে জানিবলৈ দিয়ে । নৈখন তথা গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ ফলতেই এনে হোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

উল্লেখ্য যে, খৰালি কালত শুকাই থকা জৰাসৰ নৈখন বাৰিষা সময়ত ফেনে-ফুটুকাৰে বাঢ়ি ঠায়ে ঠায়ে বান আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি বৃহৎ সমস্যাৰ সৃষ্টি কৰি আহিছে । ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ভোবোলা বঙালী গাঁৱৰ আদিবাসী চহা লোকৰ গাঁওখনৰ ম্যাদী কৃষিভূমিৰ বৃহৎ অংশ ইতিমধ্যেই জাহ গৈছে নৈৰ বুকুত ৷ ৰাইজে জানিবলৈ দিয়া অনুসৰি যোৱা বাৰিষা কেইবাশ বিঘা কৃষিভূমি জৰাসৰ নৈখনত ভয়ংকৰ গৰাখহনীয়াত জাহ গ’ল । যাৰ ফলত বহুলোক ভূমিহীন হৈ পৰিল বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

প্ৰত্যেক বছৰে ৰঙাপৰা সমষ্টিত জৰাসৰ নৈখনৰ বাঢ়নি পানীয়ে খহনীয়াৰ সৃষ্টি কৰি আহিছে । ইফালে ভোবোলা বঙালী গাঁৱত খহনীয়াই কালৰূপ ধাৰণ কৰি অহাত উপায়হীন বহুলোকে সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ বাধ্য হয় । এনে পৰিস্থিতিৰ মাজত স্থানীয় লোকে তিনিবাৰকৈ খহনীয়া প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট বিভাগলৈ লিখিত আবেদন জনাইছে যদিও কোনো কামত নহাত ৰাইজ এক প্ৰকাৰ ক্ষুব্ধ হৈ পৰিছে ।

নৈখনত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক : Miya hate speech : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব সাংসদ অজিত কুমাৰ ভূঞা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.