ETV Bharat / state

বিহালীত লুপ্তপ্ৰায় বনভোজস্থলী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ সচেতন যুৱকৰ - বিহালীত লুপ্তপ্ৰায় বনভোজস্থলী

বিহালী সমষ্টিৰ বনভোজস্থলীসমূহত নিমাওমাও পৰিৱেশ । চিন্তিত হৈছে স্থানীয় লোকসকল ৷ চৰকাৰ তথা প্ৰশাসনৰ অৱহেলাত ক্ৰমাৎ লুপ্তপ্ৰায় হ’বলৈ ধৰিছে অঞ্চলটোৰ সম্ভাৱ্য পৰ্যটনস্থলীসমূহ (picnic spot in Bihali)৷

Endangered picnic spot in Bihali
বিহালীত লুপ্তপ্ৰায় বনভোজস্থলী
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 6:59 AM IST

বিহালীত লুপ্তপ্ৰায় বনভোজস্থলী

বিশ্বনাথ, 25 ডিচেম্বৰ : এতিয়া বনভোজৰ বতৰ ৷ ৰাজ্যৰ সকলো বনভোজস্থলীতে এতিয়া লোকাৰণ্য পৰিৱেশ। বিভিন্ন স্থানৰ বনভোজস্থলীসমূহত ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ লোকসকলে ৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে উৎসাহৰ অন্ত নাই।

আনহাতে নৱবৰ্ষলৈ মাজত মাথোঁ কেইটামান দিন। এই উপলক্ষে বিভিন্ন বনভোজস্থলীত দেখা গৈছে লোকৰ সমাগম। কিন্তু তাৰ সমান্তৰালকৈ এইবাৰ বিহালী সমষ্টিৰ বনভোজস্থলীসমূহত অন্যবৰ্ষৰ দৰে বনভোজ খাবলৈ অহা দলৰ আগমন তেনেই কম ।

উল্লেখ্য যে, বিহালী সমষ্টিৰ বৰগাং নৈ আৰু বুৰৈ নৈৰ লগতে বিহালী বনাঞ্চল আৰু অৰুণাচল সীমান্তত থকা হাতীডিপুকে ধৰি আন আন বনভোজ স্থানসমূহত এইবাৰ নিমাওমাও পৰিৱেশ । য'ত এই স্থান সমূহে পৰ্যটকক আকৰ্ষণ কৰি অহাৰ লগতে এই স্থানসমূহ পৰ্যটনৰ বহু সম্ভাৱ্য স্থান হিচাপে চিহ্নিত ৷ কিন্তু বিশ্বনাথ জিলা প্ৰশাসনৰ চৰম অৱহেলাৰ ফলত এই স্থানসমূহ এতিয়া প্ৰায় বিলুপ্তিৰ দিশে গতি কৰা দেখা গৈছে।

ইফালে অসম চৰকাৰৰ অ'ছম আছামৰ উদ্যোগত অসমত বিভিন্ন ধৰণৰ পৰ্যটন কেন্দ্ৰ গঢ়ি উঠিছে । বিভিন্ন চৰকাৰী পদক্ষেপ আৰু ব্যক্তিগত উদ্যোক্তাৰ সহযোগিতাত অসমৰ পাহাৰ ভৈয়ামৰ পৰ্যটন কেন্দ্ৰসমূহ এতিয়া অন্যৰাজ্যৰ লগতে বিদেশী নাগৰিকৰ বাবে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ।

প্ৰাকৃতিক সৌন্দৰ্য, নদ-নদী, পাহাৰ-ভৈয়ামৰ লগতে গাংমৌ থান, মলেশ্বৰ দেৱালয় ইত্যাদিৰে ভৰপূৰ বিহালী । এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ অৱহেলাত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ গঢ় লৈ উঠা নাই অঞ্চলটো পৰ্যটন স্থানসমূহ। বিহালী সমষ্টিৰ অন্যতম পৰ্যটনৰ সম্ভাৱ্য স্থান হৈছে বৰগাং শুকানসুঁতি স্থিতত বৰগাং নৈৰ ওপৰৰ ভংগা দলং। এই দলংখনৰ বালিচাপৰিৰ কাষে কাষে বনভোজৰ বাবে অন্যান্য অঞ্চলৰ লোকৰ লগতে স্থানীয় লোকো সমবেত হয়। কিন্তু আন্তঃগাঁঠনিৰ অভাৱত সম্ভাৱ্য পৰিমাণৰ পৰ্যতক অঞ্চলতটোলৈ লোক অহা প্ৰায় কমি গৈছে ৷

এই ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসন, তথা অসম চৰকাৰ স্থানীয় উদ্যোক্তাসকলে যদি পাৰ্ক, ৰিজৰ্ট ইত্যাদি খোলাৰ ব্যৱস্থা কৰি অঞ্চলটোৰ পৰ্যটকৰ আন্তঃগাঁঠনিৰ বিকাশ কৰিলে হয় অঞ্চলটোলৈ পৰ্যটকৰ সোঁত বোৱাৰ সম্ভাৱনা আছে বুলি এজন সচেতন যুৱকে প্ৰকাশ কৰে। চৰকাৰে ইচ্ছা কৰিলে বিহালীখন পৰ্যটনৰ স্থান হিচাপে গঢ়ি তুলিব পাৰে ৷

বিহালীৰ যিসমূহ অঞ্চলত পৰ্যটনৰ সম্ভাৱনা আছে এনে স্থানসমূহ পৰিকল্পনাৰ জৰিয়তে বিশেষভাৱে গঢ়ি তুলি অঞ্চলটোক পৰ্যটনৰ ক্ষেত্ৰত উন্নীত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনলৈ আহ্বান জনাইছে সচেতন যুৱকজনে ৷

লগতে পঢ়ক: গুৱাহাটীৰ দক্ষিণ কালাপাহাৰ বনাঞ্চলত চলিব উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.