ETV Bharat / state

নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি - পঞ্চায়ত নিৰ্বাচন

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে । ঘটনাস্থলীত উপস্থিত অতিৰিক্ত আৰক্ষী বিষয়া, অৰুণাচল প্ৰদেশৰ মহা পৰিদৰ্শক চুকো আপা আৰু উপ মহা পৰিদৰ্শক ৷

Electoral situation in Changlang district of Arunachal Pradesh centered on elections
নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Dec 11, 2020, 6:25 PM IST

Updated : Dec 11, 2020, 7:25 PM IST

তেজপুৰ, 11 ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে । অতিৰিক্ত জিলা উপায়ুক্ত, ডাক ঘৰ, ষ্টেট বেংকৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰাৰ লগতে অগ্নি সংযোগ কৰে বুলি জানিব পৰা গৈছে ।

প্ৰায় 400 প্ৰতিবাদকাৰীয়ে হাতে হাতে লাঠী, ধনু কাঁড়, দা আদি লৈ প্ৰাক্তন অসম ৰাইফলছৰ লোকক পঞ্চায়তৰ আওতাত অনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

চাংলাং জিলাৰ দৃশ্য

প্ৰতিবাদ ইমানেই ভয়ংকৰ হয় যে, বিজয়নগৰ আৰক্ষী থানা আৰু বিমান বন্দৰৰ কিছু পৰিমানে ধ্বংস কৰে বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে । ইতিমধ্যে, অতিৰিক্ত আৰক্ষী বিষয়া, অৰুণাচল প্ৰদেশৰ আৰক্ষী মহা পৰিদৰ্শক চুকো আপা আৰু আৰক্ষী উপ মহা পৰিদৰ্শকৰ লগত বিজয়নগৰ হেলিপেদত হেলিকপ্টাৰ যোগে উপস্থিত হয় ।

Electoral situation in Changlang district of Arunachal Pradesh centered on elections
নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি

ঘটনা সম্পৰ্কে অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ লগত যোগাযোগ কৰাত ঘটনা সন্দৰ্ভত বিতং ভাৱে জনোৱাৰ পৰা বিৰত থাকে । আনহাতে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা কোনো তথ্য দিয়া নাই ।

লগতে পঢ়ক : টীয়ক আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ

Last Updated : Dec 11, 2020, 7:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.