তেজপুৰ,০১ এপ্ৰিল: শোণিতপুৰ জিলাত মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক আৰ্থিক দিশত সকাহ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে অসম চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি শুকুৰবাৰে যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় (Free textbooks distribution) ৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ উদ্যোগত বিদ্যালয়খনৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ মুঠ ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক শুকুৰবাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পংকজ কান্তি দেৱৰয়ে পৌৰোহিত্য কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানত প্ৰধান শিক্ষকে বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷

সভাত বক্তব্য প্ৰদান কৰে পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি বকুল কুৰ্মী, প্ৰাক্তন প্ৰধান শিক্ষক দুলাল নাথ, অভিভাৱক তথা সমাজকৰ্মী দেৱেন গোস্বামীকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে ৷ এই অনুষ্ঠানতেই বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰী পাহী শৰ্মাক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিচতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা কে চৰ্চা অনুষ্ঠান সকলোৱে উপভোগ কৰে ৷
লগতে পঢ়ক: Encounter in Assam Arunachal border: দুই NLFB কেডাৰলৈ আৰক্ষীৰ গুলী