ETV Bharat / state

২৭ ছেপ্টেম্বৰত গুৱাহাটীত ইষ্টাৰ্ণ কমাণ্ডৰ বিশাল এয়াৰ শ্ব’ - Surya Kiran Aerobatic Team

২৭ ছেপ্টেম্বৰত ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডই আয়োজন কৰিছে এক বিশেষ কাৰ্যসূচীৰ । আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে অসম চৰকাৰৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত কৰিব এক বিশাল এয়াৰ শ্ব'ৰ(Eastern Command massive air show on September 27) ।

astern command massive air show in guwahati
২৭ ছেপ্টেম্বৰত গুৱাহাটীত ইষ্টাৰ্ণ কমাণ্ডৰ বিশাল এয়াৰ শ্বো
author img

By

Published : Sep 24, 2022, 9:55 PM IST

তেজপুৰ,২৪ ছেপ্টেম্বৰ: দেশত স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে অসম চৰকাৰৰ সহযোগত ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে গুৱাহাটীত অনুষ্ঠিত কৰিব বিশাল এয়াৰ শ্ব'(Eastern Command massive air show on September 27) । ২৭ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে পুৱা ১০:২৫ বজাৰ পৰা ১১:০০ বজালৈ লাচিত ঘাটত এই বিশাল এয়াৰ শ্ব' অনুষ্ঠানৰ আয়োজন কৰিছে ভাৰতীয় বায়ুসেনাই ।

ভাৰতীয় বায়ুসেনাৰ বিখ্যাত সূৰ্যকিৰণ এৰোবেটিক ডিছপ্লে SKAT নামেৰে জনাজাত(Surya Kiran Aerobatic Team), বিশ্বৰ কেইবাখনো বিশেষকৈ ৯ খন অত্যাধুনিক বিমানৰ এৰোবেটিক দলে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে এক আকৰ্ষণীয় এয়াৰ শ্ব’ অনুষ্ঠিত কৰিব । এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ মহেন্দ্ৰ ৰাৱতে ।

তেওঁ কয় যে স্বাধীনতাৰ বিগত ৭৫ বছৰত ভাৰতৰ বিকাশ আৰু কৃতিত্বৰ পথত আগবঢ়া গৌৰৱময় যাত্ৰাক উদযাপন কৰি এই এয়াৰ শ্ব’ৰ আয়োজন কৰা হৈছে । লাচিত ঘাট, কছাৰী ঘাট আৰু উজান বজাৰ ঘাটৰ কাষৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আৰু উত্তৰ পাৰৰ লোকসকল ২৭ ছেপ্টেম্বৰৰ পুৱা ১০.২৫ বজাৰ পৰা ১১.০০ বজালৈ এই এয়াৰশ্ব’ৰ সাক্ষী হ’ব বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ মহেন্দ্ৰ ৰাৱতে(Defence Spokesman Mahendra Rawat) জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সেৱা পষেক উপলক্ষে জোনাইত বৃক্ষৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.