ETV Bharat / state

সেনা বাহিনীৰ ঘাটি পৰিদৰ্শন লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ - Eastern commander of Indian Army

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰ প্ৰথমটো উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচী সমাপ্ত কৰে লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ৷ অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰস্থিত সেনা বাহিনীৰ ঘাটিও পৰিদৰ্শন কৰে কামাণ্ডৰগৰাকীয়ে (Rana Pratap Kalita visited Indian army camp)।

Rana Pratap Kalita visited Indian army camp
সেনা বাহিনীৰ ঘাটি পৰিদৰ্শন কামাণ্ডৰ ৰানা প্ৰতাপ কলিতাৰ
author img

By

Published : Feb 28, 2022, 10:24 PM IST

Updated : Feb 28, 2022, 10:35 PM IST

তেজপুৰ, ২৮ ফেব্ৰুৱাৰী: ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ ইন চিফ লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই দুদিনীয়া ভ্ৰমণসূচী আজি সমাপ্ত কৰে ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জনোৱা মতে, এই মাহৰ 1 ফেব্ৰুৱাৰীত ইষ্টাৰ্ণ কামাণ্ডাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমটো ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰস্থিত সেনা বাহিনীৰ ঘাটি পৰিদৰ্শন কৰি যুদ্ধৰ প্ৰস্তুতিৰ বুজ লয় (Rana Pratap Kalita visited Indian army camp)।

কামাণ্ডাৰ ইন চিফগৰাকীয়ে তেজপুৰৰ গজৰাজ কৰ্পচৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে । যিকোনো অপাৰেচনৰ বাবে সাময়িক বাহিনীৰ প্ৰস্তুতি সম্পৰ্কে এক বিশদ আলোচনাতো অংশগ্ৰহণ কৰে ৰানা প্ৰতাপ কলিতাই৷

তেজপুৰস্থিত গজৰাজ কৰ্পছত লেফ্টেনেন্ট জেনেৰেল ৰবীন খোচলাৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ লগতে দুয়োজন সেনা বিষয়াই অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত কৰ্তব্যত থকা সেনা বাহিনীৰ চাউনি পৰিদৰ্শন কৰি প্ৰতিকূল বতৰকো নেওচি কৰ্তব্য পালন কৰা সেনা জোৱানসকলক প্ৰশংসা কৰে ।

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ বাবে মঙলবাৰে পুনৰ মণিপুৰলৈ ড৹ হিমন্তবিশ্ব শৰ্মা

Last Updated : Feb 28, 2022, 10:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.