ETV Bharat / state

Air Marshal DK Patnaik visits Chabua: উত্তৰ-পূৱৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ

চাবুৱা এয়াৰ ফৰ্চ ষ্টেছন পৰিদৰ্শন কৰে ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ ডি কে পাটনায়কে (DK Patnaik visit Chabua Air Force Station)৷ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য বায়ুসেনাৰ বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰে ডি কে পাটনায়কে ।

author img

By

Published : Feb 9, 2022, 9:03 PM IST

DK Patnaik visit Chabua Air Force Station
উত্তৰ-পূৱৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

তেজপুৰ, ৯ ফেব্ৰুৱাৰী: ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চিএফ এয়াৰ মাৰ্চেল ডি কে পাটনায়কে তিনিদিনীয়া ভ্ৰমণসূচীৰে চাবুৱা এয়াৰ ফৰ্চ ষ্টেছন পৰিদৰ্শন কৰে (DK Patnaik visits Chabua Air Force Station)।

তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেয়ে জনায় যে, ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য বায়ুসেনাৰ বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰে । চাবুৱা বায়ুসেনাৰ ঘাটিৰ পৰা সমীপৱৰ্তী বায়ুসেনাৰ অপাৰেচনৰ সাজু কেনেদৰে প্ৰস্তুত কৰি ৰাখিছে এই ঘাটিসমূহ পৰিদৰ্শন কৰি যুদ্ধভ্যাসৰ খতিয়ান লয় ।

আনহাতে বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী এয়াৰ মাৰ্চেল পাটনায়কে অত্যাধুনিক যুদ্ধ বিমান মাল্টি ৰোল এয়াৰ ফাইটাৰ চোখয় 30 এম কে আই SU-30 MKI ৰ অপাৰেচনৰ অনুশীলনৰ বুজ লয় । তেওঁৰ এই ভ্ৰমণৰ সময়ত আভ্যন্তৰীণ উন্নয়ন আৰু অত্যাধুনিক যুদ্ধৰ লগতে উন্নয়নশীল আঁচনিসমূহৰ বিষয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে ।

এয়াৰ মাৰ্চেলগৰাকীয়ে বায়ুসেনাৰ ঘাটিসমূহৰ বিষয়াৰ লগত বাৰ্তালাপ কৰি উচ্চ মানৰ আধুনিক অপাৰেচন আৰু সুৰক্ষা সম্বলিত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়ে । এয়াৰ মাৰ্চেলগৰাকীৰ লগত তেওঁৰ পত্নী তথা বায়ুসেনাৰ মহিলা ৱেলফেয়াৰৰ সভানেত্ৰী অনুৰাধা পাটনায়কে চাউনীৰ মহিলাসকলৰ লগতো কৰিলে মত বিনিময় ।

লগতে পঢ়ক: Arunachal avalanche: হিমস্খলনত মৃত্যু হোৱা ভাৰতীয় সেনাৰ 7 জোৱানৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.