নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ: মঙলবাৰে মাজনিশা অহা এক ভূইকঁপে জোকাৰি যায় অসমৰ ভিন্ন প্ৰান্ত ৷ ৰিখটাৰ স্কেলত ৩.২ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত তেজপুৰত জোকাৰণি অনুভূত হয় ৷ মাজনিশা প্ৰায় ১২.৫২ বজাত প্ৰাবল্য অনুভূত হোৱা ভূমিকম্পটোৰ ভূ-পৃষ্ঠৰ পৰা গভীৰতা আছিল ১০ কিল’মিটাৰ ৷
ইয়াৰ পূৰ্বে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাংগিঙৰ ওচৰত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৷
লগতে চাওক: ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী