ETV Bharat / state

ভূমিকম্পত চতিয়াৰো ভিন্ন প্ৰান্তত ক্ষয়-ক্ষতি - EARTHQUAKE IMPACT AT JAMUGURIHAT

ভূমিকম্পৰ ফলত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ ভিন্ন প্ৰান্ততো বিস্তৰ ক্ষতি সাধন হোৱা দেখা যায় । জামুগুৰিহাট কেন্দ্ৰস্থিত ডাকঘৰ আৰু টেলিফোন কেন্দ্ৰৰ সীমাৰ পকী বেৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ খবৰ আহিছে ।

ভূমিকম্পত চতিয়াৰো ভিন্ন প্ৰান্তত ক্ষতি
ভূমিকম্পত চতিয়াৰো ভিন্ন প্ৰান্তত ক্ষতি
author img

By

Published : Apr 28, 2021, 6:46 PM IST

চতিয়া,২৮ এপ্ৰিল: বুধবাৰে পুৱা প্ৰায় ৭ বাজি ৫২ মিনিটত অহা ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ ভিন্ন প্ৰান্ততো বিস্তৰ ক্ষতি সাধন হোৱা দেখা যায় । বৃহত্তৰ জামুগুৰিহাটৰ বিভিন্ন ঠাইত ভূমিকম্পৰ ফলত দুই এক সৰু ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে যদিও জামুগুৰিহাট কেন্দ্ৰস্থিত ডাকঘৰ আৰু টেলিফোন কেন্দ্ৰৰ সীমাৰ পকী বেৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ খবৰ আহিছে ।

ভূমিকম্পত চতিয়াৰো ভিন্ন প্ৰান্তত ক্ষতি

উল্লেখ্য যে ভূমিকম্পৰ প্ৰৱল জোকাৰণিৰ ফলত ডাকঘৰৰ ওচৰতে চাহ দোকান দি জীৱন নিৰ্বাহ কৰা এগৰাকী লোকে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে । ইয়াৰোপৰি ভূমিকম্পৰ ফলত জামুগুৰিহাটৰ এচ এম মটৰ'ছ নামৰ মটৰ চাইকেল ডীলাৰৰ পকাৰ বেৰত বৃহৎ ফাঁট মেল খোৱা দেখা যায় ।

লগতে পঢ়ক:ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণত ফাঁট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.