তেজপুৰ, ৬ জানুৱাৰী : বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনায় যে, বুধবাৰে নাগালেণ্ডৰ যেখামা অঞ্চলৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰ যোগে ৩৩১০ কেজি জুই নিৰ্বাপন কৰা সামগ্ৰী জুক' ভেলীত অৱতৰন কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ সহায়ৰ বাবে ।

এই সামগ্ৰীৰ জৰিয়তে বৃস্পতিবাৰে এনডিআৰএফে পুনৰ অভিযান আৰম্ভ কৰিব বুলি জনায় । লগতে তেওঁ কয় যে জুক' বনাঞ্চলৰ বনজুই অন্য অঞ্চলৰ ফালে ধাৱমান হৈছে অত্যন্ত বতাহৰ বাবে ।

আনহাতে, অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন, নাগালেণ্ডৰ আৰক্ষী, সেনাবাহিনীৰ লোক, বায়ু সেনা আৰু চাই অংগমাই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ লোকে চেষ্টা অব্যাহত ৰাখিছে বুলি নাগালেণ্ডৰ গৃহ বিভাগে জনাইছে । তেওঁ কয় যে, এছডিআৰএফৰ ৭ টা কোম্পানীৰ ৩০০ জোৱান নিয়োজিত হৈছে লগতে বন বিভাগৰ লোকে যোৱা ৬ দিন ধৰি যদিও বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ বুজ ল’ব পৰা হোৱা নাই । কিন্তু ৰাজ্য চৰকাৰে ইতিমধ্যে ড্ৰ’ণৰ সহায়ত বনাঞ্চলখনৰ বুজ লোৱাৰ কথা চিন্তা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক : জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ