ৰঙাপৰা,1 জুন: ড্ৰাগছমুক্ত অসম গঢ়াত নামি পৰিছে অসম আৰক্ষী । প্ৰতিদিনেই উৎখাত হৈছে বহু ড্ৰাগছৰ ঘাটি ৷ সোমবাৰে ভালুকপুঙত চাৰিদুৱাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি AS-12G-5473 নম্বৰৰ এখন গাড়ীত ড্ৰাগছ সৰবৰাহৰ সম্ভেদ লাভ কৰিছিল ৷ চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত যোৱা দলটিয়ে ভালুকপুঙত আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে ভালুকপুঙৰ সমীৰ বেনাৰ্জী আৰু লখৰাৰ বিজিত সাহ ।
আৰক্ষীয়ে ধৃত ব্যৱসায়ী দুটাৰপৰা ৫০ হাজাৰ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । ধৃত যুৱক দুজনে শোণিতপুৰৰ খনামুখৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ।
তদুপৰি চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া আলিমুদ্দিন আহমেদে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰা, চাৰিদুৱাৰ, খনামুখ আৰু গুদামঘাট অঞ্চলৰ ড্ৰাগছ সৰবৰাহকাৰীক কঠোৰ সকিয়নি প্ৰদান কৰি অতি কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চল ড্ৰাগছমুক্ত কৰা হ’ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য: সৰৱ সংখ্যালঘু পৰিষদ