ETV Bharat / state

শোণিতপুৰৰ লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক - চাৰিদুৱাৰ আৰক্ষী

শোণিতপুৰ জিলাৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীৰ এক অভিযানত ব্ৰাউন চুগাৰসহ আটক দুজন লোক ৷ ধৃত লোক দুজনৰ পৰা এপেকেট ব্ৰাউন চুগাৰসহ ৯০ টা কণ্টেইনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

drugs-peddler-caught-in-lokhra-sonitpur
শোণিতপুৰৰ লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক
author img

By

Published : May 21, 2021, 7:40 PM IST

Updated : May 21, 2021, 7:49 PM IST

ৰঙাপৰা,21 মে’: কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ সুৰুঙা লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্টচক্ৰই চলাই আছে মদ, জুৱা তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এই অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা । শেহতীয়াকৈ শোণিতপুৰ জিলাৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুজন লোকক আটক কৰিছে ।

শোণিতপুৰৰ লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাৰ ৰাজপথত তালাচী চলাই থকাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰপ্লেটবিহীন এল্ট’ গাড়ীক ৰ’বলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷ গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ নামানি তীব্ৰবেগত পলায়নৰ চেষ্টা কৰে ৷ ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰ দলে খেদি খেদি চালকসহ গাড়ীখন কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

উক্ত বাহনখনৰ পৰা আৰক্ষীয়ে ১ পেকেট ব্ৰাউন চুগাৰ আৰু ৯০ টা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰে । আৰক্ষীয়ে লগতে গাড়ীখনত থকা দুজন লোককো কৰায়ত্ত কৰে । ধৃত লোক দুজন ক্ৰমে জংচৰ দেউৰী(২৩) আৰু অৰুণাচলৰ বমডিল্লাৰ টাচি জেৰাং বুলি জানিব পৰা গৈছে । জব্দ কৃত সামগ্ৰীখিনিৰ মূল্য আনুমানিক এক লাখ টকা ৷

সম্প্ৰতি চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাত থকা ড্ৰাগছ সৰবৰাহকাৰী যুৱকদ্বয়ে খনামুখৰ চনু নামৰ এজন লোকৰ পৰা ড্ৰাগছখিনি অনা বুলি ইতিমধ্যে স্বীকাৰোক্তি দিছে । বাতৰি লিখা পৰ্যন্ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক দুজনক সোধ-পোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: চৰাইদেউত ড্ৰাগছ সৰবৰাহী আটক

Last Updated : May 21, 2021, 7:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.