ETV Bharat / state

Birth Anniversary of Lachit: শৰাইঘাটলৈ ৰূপান্তৰিত তেজপুৰৰ ঐতিহাসিক হজৰাপাৰ !

তেজপুৰৰ ঐতিহাসিক হজৰাপাৰ ৰূপান্তৰিত হৈছে শৰাইঘাটলৈ । ১৯, ২০ নৱেম্বৰত জিলিকিব মহাবীৰ লাচিতৰ হেংদাং (Hajarapar of Tezpur transformed into Sharaighat) ।

author img

By

Published : Nov 18, 2022, 8:07 PM IST

Tezpur
Tezpur

তেজপুৰ, ১৮ নৱেম্বৰ : নিশাটোৰ ভিতৰতে গড় বান্ধি দুৰ্জেয় মোগল বাহিনীক পৰাভূত কৰাৰ দৰেই জাতীয় বীৰজনাৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী (400th birth anniversary of Lachit Borphukan) উপলক্ষে তেজপুৰৰ ঐতিহাসিক হজৰা ফিল্ডক দিনে-নিশাই শৰাইঘাটৰ ৰূপ দিয়াৰ প্ৰয়াস অব্যাহত আছে (Hajara field Tezpur) ৷

বিশাল পথাৰখনৰ লগতে হজৰা পুখুৰীত পুনৰ এবাৰ জিলিকিব জাতীয় বীৰ লাচিতৰ পৰাক্ৰমৰ গাথা ৷ উল্লেখযোগ্য যে উক্ত স্থানতে ১৯ আৰু ২০ নৱেম্বৰৰ সন্ধিয়া প্ৰদৰ্শিত হ’ব 'লাচিত- বুৰঞ্জী লিখাৰ তৰোৱাল' নামৰ নয়নজ্যোতি ভট্টাচাৰ্যৰ উপন্যাসখনৰ কাহিনীক নাট্যৰূপ দিয়া নাট্যকাৰ-পৰিচালক পুলক কুমাৰ ডেকাৰ মহাবীৰ লাচিত নামৰ বহুল চৰ্চিত নাটকখন (Drama on life of Lachit at Tezpur) ৷

শৰাইঘাটলৈ ৰূপান্তৰিত তেজপুৰৰ ঐতিহাসিক হজৰাপাৰ !

সুবিশাল হজৰা ষ্টেডিয়াম আৰু হজৰা পুখুৰীত পৰীক্ষামূলকভাবে মুকলিত প্ৰদৰ্শিত হ’বলগীয়া নাটকখনৰ বাবে সাজু কৰা হৈছে এটা হাতী, পাঁচটাকৈ ঘোঁৰা আৰু ছয়খন নাও ৷ তদুপৰি, সাজু কৰা হৈছে সেই সময়ত ব্যৱহাৰ হোৱা বৰটোপকে ধৰি বিভিন্ন যুদ্ধ সামগ্ৰী ৷ ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া, বিধায়ক পদ্ম হাজৰিকা,পৃথ্বীৰাজ ৰাভা, আঙুৰলতা ডেকা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপৰি তেজপুৰৰ বহুকেইজন অভিজ্ঞ আৰু পটু অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব এই নাটকখনত (Lachit Diwas celebration at Tezpur) ৷

উল্লেখ্য, নাটখনৰ মূল চৰিত্ৰ লাচিতৰ ভূমিকাত অৱতীৰ্ণ হ’ব মিষ্টাৰ ইণ্ডিয়া খ্যাত বিজিত গগৈ ৷ তেওঁ তেজপুৰত নাটকৰ আখৰা অব্যাহত ৰাখিছে ৷ ইতিমধ্যেই তেজপুৰত নাটকখনক লৈ ব্যাপক চৰ্চাৰ লগতে দৰ্শকৰ মাজত উৎসুকতা বৃদ্ধি পাইছে ৷ আজিৰে পৰা হজৰা ষ্টেডিয়ামতে আৰম্ভ হৈছে এই নাটকৰ আখৰা ৷ মহাবীৰজনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগিতাত অসম ৰেপাৰেটৰীৰ দ্বাৰা এই নাটকখন প্ৰদৰ্শন কৰা হ’ব ৷

উল্লেখ্য, অহা ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী । এই জন্ম জয়ন্তীৰ প্ৰথমদিনা অৰ্থাৎ ২৩ নৱেম্বৰৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্ত আৰু কৰ্প'ৰেট বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমন (Finance Minister Nirmala Sitharaman) । কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে এখন প্ৰদৰ্শনীৰ উদ্বোধন কৰিব ।

ইয়াৰোপৰি লাচিতৰ ওপৰত এখন বিশেষ আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব । ২৪ নৱেম্বৰৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) । গৃহ মন্ত্ৰীয়ে সেইদিনা অনুষ্ঠিত হ'বলগা মুকলিসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । তদুপৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ তাৰিখে ৪০০ সংখ্যক লাচিত দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেশবাসীক সম্বোধন কৰিব (PM Narendra Modi will attend in Lachit Diwas) ।

লগতে পঢ়ক :Birth Aniversary of Lachit Borphukan: বিশাল মাৰ্চপাষ্টেৰে লাচিত জন্মজয়ন্তীৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.