তেজপুৰ, ২১ জুন ঃদেওবাৰে তেজপুৰ চহৰৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী শীলা বৰঠাকুৰৰ । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক তথা সভানেত্ৰী, পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভা ,তেজপুৰ সাহিত্য সভা ,শোণিতপুৰ জিলা কবি সন্মিলন, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা ,শোণিতপুৰ জিলা সাহিত্য সভাৰ লগতে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰ উল্লেখ্য যে, 1935 চনত যোৰহাটত জন্ম লাভ কৰা শীলা বৰঠাকুৰ এগৰাকী ভাৰতীয় সমাজসেৱী আৰু লেখিকা। অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে স্থাপন কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।
সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰ ১৯৭৪ চনৰ পৰা ১৯৭৬ চনলৈ, ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ তিনিটা কাৰ্যকাল এই সংগঠনৰ সভানেত্ৰী আছিল। ১৯৭৬ চনৰ পৰা ১৯৯০ চনলৈ তেওঁ দুটা কাৰ্যকাল সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা পদত আছিল।
সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰ লেখিকা গৰাকীৰ বিয়োগৰ বাতৰি পোৱাৰ লগে লগে তেজপুৰৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন মহলে তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।
সাহিত্যিক তথা সমাজসেৱী ড৹ শীলা বৰঠাকুৰ লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী মোডীলৈ কিয় স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগীত তাৰকাই ?